🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৬ কাতি, শনিবাৰ, ইং ২ নৱেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৩৬/২
সূৰ্য্যাস্ত ঘ :- ৪/৩৮/৪৫
ৰাশি : – তুলা ৰাশি। ৰা:ঘ:- যোৱাত বৃশ্চিক ৰাশি।
তিথি :- শুক্লা প্ৰতিপদ । ৰা:ঘ:- ৬/৫৯/৯ যোৱাত শুক্লা দ্বিতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- বিশাখা। শে:ৰা:ঘ:- ৫/১৫/১৮ লৈ।
শুভ সংখ্যা :- ৩/৮
শুভ ৰং :- নীলা/ বেঙুনীয়া।
আদ্যঋতু :- বেশ্যা যোগ।
মৰণৰ দোষ :- ত্ৰিপদ, শে:ৰা:ঘ:-৫/১৫/১৮ যোৱাত এপদ।
যাত্ৰা :- পূৱ দিশত নাই। ৰা:ঘ:- ৬/৫৯/৯ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । ৰা:ঘ:- ৬/৫৯/৯ যোৱাত উত্তৰ দিশত ।
ভক্ষাভক্ষ্য :- কোমোৰা খোৱা নিষেধ। ৰা:ঘ:- ৬/৫৯/৯ যোৱাত তিতা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি আনৰ দ্বাৰা ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, সৰু সুৰা কথাতে মনটো সামান্য অশান্ত হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ সামান্য দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য বস্তু হানি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যশস্যা বাঢ়িব , কৰ্মত অধিক দ্বায়িত্ব বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য পাপ্যৰ পৰা বঞ্চিত হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য অস্থিৰ হ’ব পাৰে, দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত নতুনত্ব আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বুদ্ধি ভ্ৰষ্ট হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য স্বাস্থ্যৰ হানি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, বিবাহ প্ৰাৰ্থী সকলৰ ঘৰত বিবাহৰ আলোচনা হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশটো সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে,মনৰ আশা ভংগ হ’ব পাৰে, যদিও আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য জটিলতা আহিব পাৰে, ঘৰখনৰ সদস্যৰ প্ৰতি চিন্তা বাঢ়িব, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!