🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১২ পুহ ,শনিবাৰ, ইং ২৮ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/১১/৩৮
সূৰ্য্যাস্ত ঘ :- ৪/৩৩/৩৮
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা ত্ৰযোদশী তিথি।ৰা:ঘ:- ২/৫৩/২০ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অনুৰাধা নক্ষত্ৰ ।ৰা:ঘ:- ১০/৮/২৩ লৈ।
শুভ সংখ্যা :- ৫/৮
শুভ ৰং :- নীলা/ বেঙুনীয়া।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- এপদ, ৰা:ঘ:- ২/৫৩/২০ যোৱাত দ্বিপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। ৰা:ঘ:- ২/৫৩/২০ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত। ৰা:ঘ:- ২/৫৩/২০ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। ৰা:ঘ:- ২/৫৩/২০ যোৱাত মাটিমাহ ,মাছ মাংস খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত চেষ্টা কৰিলে কৰ্মত সফলতা লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দৈহিক কষ্ট বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, লগতে আজি ছাত্ৰ ছাত্ৰী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনোমালিন্য বিশ্বেদ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব, যদিও আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শ্ৰদ্ধা আৰু ভক্তি ভাৱ বাঢ়িব, লগতে আজি আপোনাৰ সঞ্চয় মনোভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনতো সামান্য ব্যাকুল হ’ব পাৰে, লগতে আজি আপোনাৰ ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ কৰ্মলৈ নিমন্ত্ৰত হ’ব পাৰে, লগতে আজি আপোনাৰ মনৰ আশা পূৰণ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে, যদিও আজি আপুনি গুৰু তথা জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- আশীৰ্বাদৰ লাভ হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আনক সহায় সহযোগিতা কৰিবলৈ মনটো আগ্ৰহী হ’ব, যদিও আজি সৰু সুৰা কথাতে মনৰ আনন্দ সামান্য হ্ৰাস হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লাভ কৰিব, কৰ্মত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!