🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৬ মাঘ , ৰবিবাৰ, ইং ৯ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/৮/২৩
সূৰ্য্যাস্ত ঘ :- ৫/৭/২৯
ৰাশি : – মিথুন ৰাশি।
তিথি :- শুক্ল দ্বাদশী তিথি। ৰা:ঘ:- ৮/৫/১ যোৱাত শুক্লা ত্ৰযোদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- আৰ্দ্ৰ নক্ষত্ৰ । স:ঘ:- ৬/৪৪/৬ লৈ।
শুভ সংখ্যা :- ২/১
শুভ ৰং : – ৰঙা / হালধীয়া ।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- দ্বিপদ, স:ঘ:- ৬/৪৪/৬ যোৱাত পূৰ্ণ দোষ, ৰা:ঘ:- ৮/৫/১ যোৱাত ত্ৰিপদ।
যাত্ৰা :- নৈঋত কোনত নাই।ৰা:ঘ:- ৮/৫/১ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত।ৰা:ঘ:- ৮/৫/১ যোৱাত দক্ষিণ দিশত ।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ। ৰা:ঘ:- ৮/৫/১ যোৱাত বেঙেনা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ্ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব লগতে আজি দিনটো আনন্দ মনে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব, কৰ্মত পদোন্নতি লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি দিটো আপুনি সকলো কৰ্মতে সতৰ্কিত হোৱাটো ভাল হ’ব।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ব্যস্ত হ’বলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ চিন্তা ধাৰা সামান্য অস্থি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধুৰ পৰা সাধনা হোৱটো ভাল হ’ব, ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, যদিও আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে প্ৰেমত সামান্য মনোমালিন্য হ’ব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সৰু সুৰা কথাতে মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে,সামান্য ধনৰ নাটনি হ’ল লগতে লগতে আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সমান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’ল লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য অৱহেলা আহিব পাৰে, যদিও আজি সংগীত শিল্পী সকল কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত মাংগলিক কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে দেহ- মন সামান্য দুৰ্বল হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দক্ষতাৰে কৰ্মবোৰ সমাপ্ত কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনটো অশান্তি আৰু চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সজাগ নহ’লে মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে যদিও আজি উকীল সকলৰ কৰ্মত সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205