সমগ্ৰ দেশৰ লগতে দৰং নিৰ্বাচনী জিলাতো কালিলৈ ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হ’ব। এই ভোট গণনা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে দৰং জিলা প্ৰশাসনে প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে । দৰং জিলাৰ মঙলদৈ মহাবিদ্যালয়ত স্থাপিত ভোট গণনা কেন্দ্ৰৰ তিনিটা ভোট গণনা গৃহ (কাউন্টিং হল) ত ভোট গণনা অনুষ্ঠিত হ’ব। ইয়াৰে ১ নং কাউন্টিং হলত ৪৯ নং ছিপাঝাৰ বিধানসভা সমষ্টি, ২নং কাউন্টিং হলত ৫০নং মঙলদৈ বিধানসভা সমষ্টি আৰু ৩ নং কাউন্টিং হলত ৫১নং দলগাওঁ বিধানসভা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ’ব। প্ৰতিটো কাউন্টিং হলতে ১৪ খনকৈ টেবুল থাকিব। ছিপাঝাৰ বিধানসভা সমষ্টিৰ ভোট গণনা ২১ ৰাউণ্ডত, মঙলদৈ বিধানসভা সমষ্টিৰ ভোট গণনা ১৭ ৰাউণ্ডত আৰু দলগাওঁ বিধানসভা সমষ্টিৰ ভোট গণনা ২৩ ৰাউণ্ডত সম্পন্ন কৰা হ’ব। উল্লেখ্য যে, ৪ জুনৰ পুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ’ব৷ ভোট গণনা প্রক্ৰিয়াত নিয়োগ কৰা বিষয়া-কৰ্মচাৰীসকলক ইতিমধ্যে প্ৰয়োজনীয় সকলো ধৰণৰ প্ৰশিক্ষণ প্রদান কৰা হৈছে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!