*নিৰ্ধাৰিত কাৰ্য্যসূচী অনুসৰি বিদ্যালয়খনৰ পতাকা উত্তোলন কৰে পৰিচালনা কমিটিৰ সভাপতি অনোৱাৰ হুছেইনে।

*ইয়াৰ পিছতে ৮:৩০ বজাত ৭৭ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৭৭খন পতাকা উত্তোলন কৰা হয়।

*৭৭ খন পতাকা উত্তোলন কৰা বিশিষ্ট ব্যক্তি সকলৰ ভিতৰত আছে লাহৰীঘাট বিধান সভাৰ বিধায়ক ড° আছিফ মহম্মদ নাজাৰ। বিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ তথা অৱসৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ, প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান শদিয়া জিলাত কৰ্মৰত মীন বিষয়া আবদিদাৰ হুছেইন চিদ্দিকী, প্ৰাক্তন ছাত্ৰী তথা বৰ্তমান ওদালগুৰি জিলাত ৰাজহ চক্ৰ বিষয়া হিচাপে নিয়োজিত মডিৰা বেগম, অৱসৰ প্ৰাপ্ত অধ্যক্ষ ইব্ৰাহিম আলী, অৱসৰ প্ৰাপ্ত শিক্ষক আব্দুল গফুৰ, অৱসৰ প্ৰাপ্ত শিক্ষক ৰফিকুল ইছলাম,যুৱ নেতা মেহেবুব মুক্তাৰ, প্ৰতিদিন টাইমত কৰ্মৰত ৱাহিদুৰ ৰহমান, লগতে বহুতো গণ্য মান্য ব্যক্তি।

*অহা ইং ২২ আৰু ২৩ তাৰিখ লৈকে চলিব মহাৰজত জয়ন্তীৰ কাৰ্য্যসূচী।

মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!