নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত অহা ২৪,২৫ আৰু ২৮ ডিচেম্বৰত দ্বিতীয় বার্ষিক দিবা-নৈশ ক্রিকেট প্রতিযোগিতাৰ প্ৰস্তুুতি প্ৰায় তুংগত হৈ উঠিছে।
১৫০০/-টকা ভৰ্তি মাচুল হিচাপে ধাৰ্য্য কৰা প্ৰতিযোগিতা মূলক দিবা নৈশ প্ৰাইজমানী ক্ৰিকেট খেলখনত চেম্পিয়ন দলক নগদ ৪০ হাজাৰ টকা আৰু ৰাণাৰ্চ-আপ দলক বঁটাসহ নগদ ২০ হাজাৰ টকা প্রদান কৰা বুলি জনাই উদ্যোক্তাসকলে ।
আৰিফুল হকৰ সভাপতিত্ব অনুষ্ঠিত হোৱা দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতামূলক খেলখনত অন্তৰ্ভুক্ত হ’বলৈ হ’লে নিয়মানুযায়ী প্ৰতিটো দলত ৯ গৰাকী খেলুৱৈ লগতে জাৰ্চী আৰু জোটা বাধ্যতামূলক বুলি জনায়।
উক্ত প্ৰাইজমানী ক্ৰিকেট প্ৰতিযোগিতাখনত অন্তৰ্ভুক্ত হব বিছাৰিলে 70023 29214 আৰু 91011 08275 নম্বৰত যোগাযোগ কৰাৰ লগতে ক্ৰীড়া প্ৰেমী ৰাইজক খেল উপভোগ কৰিবলৈ আহ্বান জনাই উদ্যোক্তা সকলে ।
