■ নমিতা ভট্টাচাৰ্য্য আৰু তৌফিক ৰহমানলৈ ‘নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা’ ■
◆ ছৈয়দ জাৰিৰ হুছেইন, এলভিছ আলী হাজৰিকা আৰু ৰঞ্জু হাজৰিকালৈ ‘নিপন গোস্বামী বঁটা৷
স্বনামপ্ৰসিদ্ধ অভিনয় শিল্পী প্ৰয়াত নিপন গোস্বামীৰ সোঁৱৰণত আৰ. কে . ইউনিভাৰ্চে বিগত ২০২২চনৰ পৰা কেইবাটিও বঁটা প্ৰদান কৰি আহিছে৷

২০২৪ বৰ্ষৰ বাবে এই বঁটাৰ অন্তৰ্গত ‘নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা’ আৰু ‘নিপন গোস্বামী বঁটা’ প্ৰাপকসকলৰ নাম ইতিমধ্যেই ঘোষণা কৰা হৈছে । পূৰ্বৰ কেইবছৰৰ দৰেই নিৰ্বাচক মণ্ডলীয়ে এইবাৰো এই দুই বিশেষ সন্মানৰ বাবে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়াই অহা কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ নাম ঘোষণা কৰিছে । অহা ২০২৫ বৰ্ষৰ ৬ এপ্ৰিলত পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ‘শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ’ত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বৰেণ্য ব্যক্তিকলক আনুষ্ঠানিকভাৱে বঁটাসমূহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷

২০২৪বৰ্ষৰ এই বঁটাসমূহৰ বাবে
১) নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা – ২০২৪ ( অভিনয় ক্ষেত্ৰৰ বাবে ) : তৌফিক ৰহমান
২) নিপন গোস্বামী জীৱনজোৰা সাধনা বঁটা – ২০২৪ ( সংগীত ক্ষেত্ৰৰ বাবে ) : নমিতা ভট্টাচাৰ্য্য
৩) নিপন গোস্বামী বঁটা – ২০২৪ ( সংবাদ ক্ষেত্ৰৰ বাবে ) : ছৈয়দ জাৰিৰ হুছেইন
৪) নিপন গোস্বামী বঁটা – ২০২৪ ( ক্ৰীড়া ক্ষেত্ৰৰ বাবে ) : এলভিছ আলী হাজৰিকা
৫) নিপন গোস্বামী বঁটা – ২০২৪ ( সাহিত্য ক্ষেত্ৰৰ বাবে ) : ৰঞ্জু হাজৰিকাক নিৰ্বাচন কৰা হৈছে৷
