নদুৱাৰ সমষ্টিত একেদিনাই ২২ খনকৈ উন্নয়নমূলক আঁচনিৰ নিৰ্ম্মানকাৰ্য্য শুভাৰম্ভ কৰে বিধায়ক পদ্ম হাজৰিকাই ৷ সমষ্টিটোৰ অন্তৰ্গত মুঠ দহটাকৈ গাঁওপঞ্চায়ত এলেকাৰ বিভিন্ন অঞ্চলত কালি দিনজোৰা কাৰ্য্যসুচীৰে গ্ৰাম্য পথ নিৰ্ম্মান আৰু আন্তগাঠনি উন্নয়নকে ধৰি বিভিন্ন আঁচনি সমুহৰ নিৰ্ম্মান কাৰ্য্য শুভ উদ্বোধন কৰি দিয়া ভাষন প্ৰসংগত বিধায়ক পদ্ম হাজৰিকাই কয় যে গ্ৰাম্যাঞ্চলৰ অতি পিচপৰা অঞ্চল সমুহৰ ৰাইজৰ বাবে চৰকাৰৰ দ্বাৰা আৱন্তিত এই আচনি সমুহৰ নিৰ্ম্মানৰ কাম সম্পুৰ্ণ হৈ উঠিলে ৰাইজৰ বহু সমস্যা সমাধান হৱ৷ ।বিধায়ক গৰাকীয়ে কালি নিৰ্ম্মানৰ কাম শুভাৰম্ভ কৰা আঁচনি সমুহৰ অন্যতম হল বালিজুৰি খেলপথাৰ আৰু দিকৰাই খেলপথাৰৰ আন্ত:গাঁথনি উন্নয়ন , বালিজুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চাইকেল আস্থানৰ নিৰ্মাণ, তেজালপট্টি ৰংগমঞ্চ নিৰ্মাণ, ইটাখোলা বাণিজ্যিক স্থলৰ নলা নিৰ্মাণ, দিকৰাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞানাগাৰ নিৰ্মান আৰু দিকৰাই ষ্টাফ ক্লাৱৰ আন্ত:গাঁথনি উন্নয়ন, উত্তৰ নাগশংকৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ৰাজহুৱা, ধাৰ্মিক স্থানৰ উন্নয়ন আদিকে ধৰি মুঠ ২২ খনকৈ আঁচনি ৷
শুভ উদ্ধোধনী অনুষ্ঠান সমুহত অংশগ্ৰহণ কৰে আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰা, খণ্ড উন্নয়ন বিষয়া অজয় কুমাৰ সিনহাকে ধৰি পঞ্চায়তৰ সচিব,কনিষ্ঠ অভিযন্তা আৰু স্থানীয় ৰাইজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!