⭕তলাতল ঘৰৰ মহিলা প্ৰেস্ৰাৱগাৰ আৰু শৌচালয়ত এজন যুৱকে গোপন কেমেৰা লগোৱাৰ অভিযোগ, তাৰ পাছতেই উত্তেজিত হৈ উঠে মহিলা সকল।
শিৱসাগৰৰ তলাতল ঘৰত নিশা উত্তেজনা | তলাতল ঘৰৰ মহিলা প্ৰেস্ৰাৱগাৰ আৰু শৌচালয়ত মহিলা ও যুৱতী সকল প্ৰৱেশ কৰিলেই এজন যুৱকে গোপনে প্ৰত্যক্ষ কৰি থকা, গোপনে মবাইলত ভিডিঅ’ আৰু ফটো তোলাৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় মহিলাৰ লগতে একাধিক সচেতন ৰাইজে | যুৱকজনে আন দিনাৰ দৰে আজিও মহিলা প্ৰস্ৰাৱগাৰৰ কাষত ৰৈ থাকোঁতে স্থানীয় লোকে দিয়ে পহু খেদা | মহিলা প্ৰেস্ৰাৱগাৰৰ কাষৰ পৰা খেদি খেদি ৰাইজে তলাতল ঘৰৰ চৌহদতে আৱদ্ধ কৰে শৈলেন গগৈ নামৰ নাজিৰাৰ যুৱকজনক | বহুদিন ধৰি যুৱকজনে এই অপকৰ্ম কৰি অহাৰ অভিযোগ প্ৰত্যক্ষদৰ্শী ৰাইজৰ | তলাতল ঘৰৰ পৰা জয়সাগৰ আৰক্ষীয়ে অভিযুক্ত যুৱক জনক আটক কৰাৰ সময়তে ৰাইজে দিয়ে লপা-থপা | যুৱক জনৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱাৰ দাবী মহিলা সকলৰ |