🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৪ পুহ ,সোমবাৰ, ইং ৩০ ডিচেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৬/১২/১২
সূৰ্য্যাস্ত ঘ :- ৪/৩৫/২২
ৰাশি : – ধনু ৰাশি।
তিথি :- অমাৱস্যা তিথি।শে:ৰা:ঘ:- ৪/৮/৩৪ যোৱাত শুক্লা প্ৰতিপদ তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- মূলা নক্ষত্ৰ ।ৰা:ঘ:- ১২/৩৭/১৮ লৈ।
শুভ সংখ্যা :- ৫/২
শুভ ৰং : – বগা / গোলপীয়া।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :-নাই।
যাত্ৰা :- ঈশান কোনত নাই। শে:ৰা:ঘ:- ৪/৮/৩৪ যোৱাত পশ্চিম পূৱ দিশত নাই।
যোগিনী :- ঈশান কোনত । শে:ৰা:ঘ:- ৪/৮/৩৪ যোৱাত পশ্চিম পূৱ দিশত।
ভক্ষাভক্ষ্য :- মাছ মাংস খোৱা নিষেধ। শে:ৰা:ঘ:- ৪/৮/৩৪ যোৱাত কোমোৰা খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ বিদ্যাত সফলতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আয় উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সৌভাগ্যৰ উদয় হ’ব, প্ৰকৃতিৰ প্ৰতি মৰম- চেনেহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাহি ধেমালিৰ মাজেৰে দিনটো পাৰ হ’ব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, লগতে আজি আপোনাৰ মনৰ ভাৱ আদায় প্ৰদান কৰিবলৈ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, আৰ্থিক দিশটো টনকিয়াল হ’ব, লগতে আজি আপুনি সকলো কৰ্মতে সিদ্ধি লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে আত্মীয় লগত মনোমালিন্য বা বিশ্চেদ হ’ব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সফলতা লাভ কৰিব,মনত সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আয় উপাৰ্জন হ্ৰাস হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নানান সুযোগ সুবিধা লাভ কৰিব, সৃষ্টি শীল কৰ্মত আত্মনিয়োগ কৰিবলৈ সুযোগ লাভ কৰিব লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সঞ্চয় বাঢ়িব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপোনাৰ ক্ষতি হব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত সামান্য হতাশাৰ সৃষ্টি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ কৰ্ম আৰু ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205