নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদৰ উদ্যোগত ইটাখোলাৰ শ্ৰীমন্তশঙ্কৰদেৱ ভৱনত আজি কেন্দ্ৰীয় শিল্পী দিৱস উদযাপন কৰা হয়৷ এই উদ্দেশ্যৰে বিয়লি অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ঘনকান্ত বৰাৰ সঞ্চালনাত অনুষ্ঠিত এক আলোচনা চক্ৰত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি যশস্বী নাট্যকাৰ পৰিচালক পংকজ জ্যোতি ভূঞাই জনতাৰ শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে -ৰূপান্তৰৰ দৰ্শনেৰে জগত শুৱনি কৰিব খোজা জ্যোতিপ্ৰসাদ আগৰৱালা দেৱ একেধাৰে কবি, সাহিত্যিক,নাট্যকাৰ, গীতিকাৰ আছিল৷ তেখেতে প্ৰথম অসমীয়া কথাছবি নিৰ্মান কৰি অসমীয়া ছবি জগত খনৰ প্ৰতি অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ৷ সেইজন সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ আজি পৱিত্ৰ পুণ্যতিথিত আমি সমগ্ৰ অসমবাসীয়ে শত সহস্ৰ প্ৰনাম জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। অনুষ্ঠানটিত আলোচক হিচাবে অংশগ্ৰহ কৰে শিক্ষক সমাজকৰ্মী নতুমনি বৰা,যুৱ লেখক সাহিত্যিক লক্ষীকান্ত বৰা আৰু মিংকু কলিতা, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ সভাপতি ৰাজীৱ দাসে৷ নদুৱাৰ প্ৰেছক্লাৱৰ মূখ্য সম্পাদক ফনীন্দ্ৰ বৰুৱাকে ধৰি অঞ্চলটোৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি ও ৰাইজৰ উপস্থিতিত আয়োজিত শিল্পী দিৱসৰ অনুষ্ঠানটিত কন কন ছাত্ৰছাত্ৰী সকলে পৰিবেশন কৰা গীত নৃত্যৰ অনুষ্ঠানে সকলো শ্ৰেনী ৰাইজৰ মন মুগ্ধ কৰে৷ শিল্পী সকলে কাৰ্যসূচী সফল ৰূপায়ন কৰা বাবে উপস্থিত সকলো ৰাইজকে কৃতজ্ঞতা জ্ঞাপন কৰে নদুৱাৰ সাংস্কৃতিক উন্নয়ন পৰিষদৰ সভাপতি অনিল বৰা আৰু সম্পাদক প্ৰাঞ্জল বৰাই ৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!