জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ খলিহামাৰিত বিচৰণ বনৰীয়া ম’হৰ এটি বৃহৎ জাকৰ।নষ্ট কৰিছে কৃষকৰ খেতিখোলা।নিশাৰ ভাগত নিকটবৰ্তী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি গাঁওখনত প্ৰবেশ কৰা দহ বাৰজনীয়া বনৰীয়া ম’হৰ জাকটো পুৱাই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰাৰ পাছতেই এক আতংকিত পৰিবেশৰ সৃষ্টি হয়।স্থানীয় ৰাইজে বনবিভাগক লগে লগে অৱগত কৰোৱাত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বনৰীয়া ম’হৰ বৃহৎ জাকটো পুনৰ বনাঞ্চললৈ খেদি পঠিয়াই।উল্লেখ্য যে বন্যহস্তী,বনৰীয়া গাহৰিৰ পিছত এইবাৰ এই আঞ্চলটোত বনৰীয়া ম’হৰ বিচৰণে এতিয়া ৰাইজক অধিক শংকিত আৰু চিন্তিত কৰি ৰাখিছে।