সদৌ অসম গুৰুং (তমু) সংঘৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত জিলা সমিতিৰ আতিথ্যত তথা অসমৰ গোৰ্খা জনগোষ্ঠীয় ভাতৃ সংগঠনৰ সহযোগত স্বাধীনতা সংগ্ৰামী,ভাৰতীয় গোৰ্খা লীগৰ প্ৰতিষ্ঠাপক সভাপতি,ভাৰতীয় সংবিধান খচৰা প্ৰস্তুত (ড° বি.আৰ.আম্বেদকাৰ )সমিতিৰ একমাত্ৰ গোৰ্খা প্ৰতিনিধি সদস্য তথা ভাৰতীয় গোৰ্খা সকলৰ ভাগ্যবিধাতা পিতামহ স্বৰূপ বাবু ডম্বৰ সিং গুৰুঙদেৱৰ ১২৫ তম জন্মজয়ন্তী উপলক্ষে মহান মনিষী জনৰ প্ৰতিমূৰ্তি উন্মোচন সমাৰোহ চাৰিদুৱাৰৰ লোখৰা লাবৰঘাৰি খেলপথাৰত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মহান মনিষীজনক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে এটি গোৰ্খালী গীতেৰে সকলোৰে মন প্ৰাণ আপ্লুত কৰে। ইয়াৰ পিছতে বাবু ডম্বৰ সিং গুৰুঙৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে দাৰ্জিলিংৰ গোৰ্খা জনমূক্তি মৰ্চ্চাৰ অধ্যক্ষ বিমল গুৰুঙে৷ অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাবে অংশগ্ৰহণ কৰে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথিৱীৰাজ ৰাভাই৷সদৌ অসম গুৰুং সংঘৰ কেন্দ্ৰীয় সভাপতি চুনিল গুৰুং, উপসভাপতি ভক্তৰাজ গুৰুং আৰু মুখ্য উপদেষ্টা বলবীৰ গুৰুং , গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং আৰু সদৌ অস গোৰ্খা ছাত্ৰসন্হাৰ সভাপতি চুনিল ছেত্ৰীৰ লগতে বহুকেইগৰাকী গন্যমান্য ব্যক্তিয়ে৷ কেইবা শতাধিক গোৰ্খা ৰাইজৰ উপষ্ঠিতিত অনুষ্ঠিত অনুষ্ঠানটিত বিধায়ক পদ্ম হাজৰিকাই ডম্বৰু সিং গুৰুং ৰংগমঞ্চৰ আন্ত:গাঁথনি উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ পৰা ৫ লাখ টকাৰ এককালীন অনুদান আগবঢ়ায়।