শনি আৰু দেওবাৰে এই দুয়োটা দিনতে অনুষ্ঠান উপলক্ষে আজানপীৰ দৰগাহত যথেষ্ট সংখ্যক লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় | ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে অন্য ধৰ্মাৱলম্বী লোকসকলেও আজান পীৰৰ দৰগাহত ধূপ আৰু মমবাতি জলাই দোৱা আগবঢ়োৱা দৃশ্য দেখিবলৈ পোৱা যায় | আজানপীৰ দৰগাহ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই জিয়াৰৎ উপলক্ষে প্ৰথম দিনা জিকিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় | দ্বিতীয় দিনা দেওবাৰে অনুষ্ঠিত হোৱা মুকলি সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্ৰাধ্যাপক ডঃ কৰৱী ডেকা হাজৰিকাই মুখ্যবক্তা ৰূপে অংশগ্ৰহণ কৰে | ডঃ হাজৰিকাই নিজৰ ভাষণত আজান পীৰক সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক উজ্বল নিদৰ্শন বুলি প্ৰকাশ কৰে | মুকলি সভা উদ্ধোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সব্যসাচী মহন্তই | জিয়াৰৎ উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “স’ৰাগুৰিৰ আজান” উন্মোচন কৰে মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড৹ অনিল শইকীয়াই | এই সভাতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌমাৰ জ্যোতি মহন্তই অজান পীৰ আৰু চুফীবাদ সম্পৰ্কীয় গ্ৰন্থ “শৰাগুৰিৰ সুবাস” উন্মোচন কৰে | সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ কন্দৰ্প কুমাৰ ডেকা, জিকিৰ গৱেষক চৈয়দ হকিকুৰ ৰহমান, অজান পীৰ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি হাৰুণাল ৰছিদ, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন আদিকে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে | অনুষ্ঠানৰ শেষত বিশ্ব শান্তিৰ বাবে দোৱা কৰাৰ লগতে চিন্নী বিতৰণ কৰা হয় |