জামুগুৰিহাটৰ টুপীয়াত আজি সদৌ শোণিতপুৰ জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্যৰ উদ্যোগত সদৌ জামুগুৰি আঞ্চলিক কোচৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্যৰ সহযোগত ৫১৫ ত্বম কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয় ৷ বৃহত্তৰ জামুগুৰিবাসী ৰাইজৰ সহযোগত দিন জোৰাকৈ অনুষ্ঠিত হোৱা কেন্দ্ৰীয় বিশ্ব মহাবীৰ চিলাৰায় দিৱস তথা জন্ম জয়ন্তী উপলক্ষে পুৱা পতাকা উত্তোলন কৰে সদৌ কোচৰাজবংশী ছাত্ৰ সন্হাৰ উজনি- মধ্য কেন্দ্ৰীয় সমিতিৰ সভাপতি বিক্ৰম দাসে৷ ইয়াৰ পিছতে চিলাৰায় প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পন কৰি কাৰ্যসূচী মুকলি কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা উজনি-মধ্য কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি অঞ্জন দত্তই৷ বিভিন্ন সাহিত্য সাংস্কৃতিক অনুস্থানৰ পিছতে উদযাপন সমিতিৰ কাৰ্য্যকৰি সভাপতি যুৱ লেখক সাহিত্যিক লক্ষীকান্ত বৰাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই তত্বগধুৰ বক্তব্য প্ৰদান কৰে৷নিৰ্দ্দিষ্ট বক্তা হিচাবে অংশগ্ৰহণ কৰি নাতিদীৰ্ঘ বক্তব্য প্ৰদান কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড° জ্যোতিষ্মান দাস আৰু অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক নিতুমনি বৰাই৷অনুষ্ঠানৰ মাজতে টুপিয়াৰ পায়নিয়াৰ ক্লাৱৰ দ্বাৰা প্ৰকাশিত অঞ্চলটোৰ লেখক সাহিত্যিক মুহিধৰ বৰাৰ “পঞ্চমৃত” নামৰ গ্ৰন্থ খনিও শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি বিধায়ক পদ্ম হাজৰিকাই৷