ৰাজ্যৰ সাংবাদিক -সংবাদকৰ্মী সকলৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যনৰ ফৰ আসাম চমুকৈ জাফাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন খন অহা ২৩ ফেব্ৰুৱাৰীত গুৱাহাটী মহানগৰীৰ সমীপবৰ্তী ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। এক বিবৃতিত জাফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অভিদ্বীপ চৌধুৰী, কাৰ্যকৰী সভাপতি পংকজ ডেকা, সম্পাদক প্ৰধান কুঞ্জ মোহন ৰায় আৰু মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়াই অধিবেশনত সংগঠনটোৰ প্ৰতিখন জিলা সমিতিৰ সভাপতি, সম্পাদকৰ লগতে প্ৰতিনিধি বৰ্গৰ উপস্থিতি কামনা কৰিছে। পুৱাৰ ভাগত সংগঠনৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণৰে আৰম্ভ হ’বলগীয়া কেন্দ্ৰীয় অধিবেশনৰ সাধাৰণ সভাত আগন্তুক কাৰ্যকালৰ বাবে সংগঠনটোৰ নতুন সমিতি খন গঠন কৰা হ’ব। আবেলিৰ ভাগত মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানৰো
আয়োজন কৰা হৈছে।
অধিৱেশন খন সাফল্য মণ্ডিত কৰাৰ বাবে সকলোৰে সহযোগিতা কামনা কৰিছে সংগঠনটোৰ নেতৃবৃন্দই।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!