কৰ ফাঁকি তথা প্ৰদূষণ বৃদ্ধিৰে জন জীৱনৰ প্ৰতি চৰম ভাবুকি
নাজিৰা সমজিলা আমগুৰিত অবৈধ ভাৱে চৰকাৰক কৰ ফাঁকি দি ইটা ভাটাৰ ব্যৱসায় | কৰ ফাঁকি তথা প্ৰদূষণ বৃদ্ধিৰে জন জীৱনৰ প্ৰতি চৰম ভাবুকি | এই ইটা ভাটা সমূহ চলাই থকাৰ বিৰুদ্ধে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন | চৰকাৰক ৰাজহ ফাকি দি অবৈধ ভাৱে ইটা ভাটাৰ ব্যৱসায় চলাই থকাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতি (KMSS) আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ (SMSS) উদ্যোগত মঙ্গলবাৰে আমগুৰি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে | প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰি কয় যে বিভিন্ন ইটা ভাটাই ভুৱা দাগ নম্বৰ ব্যৱহাৰ কৰি চৰকাৰক ৰাজহ ফাঁকি দিছে | লগতে পঞ্জীয়ন আৰু নৱীকৰণ নোহোৱাকৈ কৃষিভূমি বিনষ্ট কৰি অবৈধ ভাৱে ইটা ভাটা চলাই আছে | তেওঁলোকে এই ধৰণৰ বে-আইনী ভাটা সমূহ বন্ধ কৰাৰ লগতে ইয়াৰ লগত জড়িত স্বত্তাধিকাৰী আৰু চৰকাৰী বিষয়াববীয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় | প্ৰতিবাদকাৰী সকলে তথ্য জনা অধিকাৰ আইনৰ (RTI) তথ্যৰ ভিত্তিত এই অভিযোগ উত্থাপন কৰে | তেওঁলোকে দাবী কৰে যে চৰকাৰী মাটি দখল কৰি কৃষিভূমি ধ্বংস কৰা ইটা ভাটা সমূহৰ ওপৰত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে | এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা, কৰ্মীৰ লগতে স্থানীয় ৰাইজৰো ব্যাপক ভাৱে সঁহাৰি আগবঢ়াই | আনহাতে সংগঠনটোৱে সংবাদ-মাধ্যমৰ জড়িয়তে চৰকাৰ প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় | ইয়াৰ অন্যাথা বৃহৎ প্ৰতিবাদ কাৰ্যসূচী গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে |