সাংবাদিক সংবাদ কৰ্মীৰ উমৈহতীয়া মঞ্চ জাৰ্ণেলিষ্ট এচোছিয়েশ্যন ফৰ আসাম চমুকৈ জাফাৰ ত্ৰিবাৰ্ষিক কেন্দ্ৰীয় অধিবেশন আৰু সাধাৰণ সভা আজি ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত সুকলমে অনুষ্ঠিত হৈ যায়। পুৱাৰ ভাগত পতাকা উত্তোলন আৰু ছহিদ তৰ্পণৰে কাৰ্যসূচীৰে আৰম্ভ হোৱা অধিবেশনৰ সাধাৰণ সভাই অভিদ্বীপ চৌধুৰী আৰু কুঞ্জ মোহন ৰায়ক আগন্তুক কাৰ্যকালৰ বাবে সভাপতি আৰু সম্পাদক প্ৰধান হিচাপে নিৰ্বাচিত কৰে।
জাফাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিৰ বিষয়ববীয়া হ’ল ক্ৰমে কাৰ্যকৰী সভাপতি পংকজ ডেকা, উপ সভাপতি আফতাফ আলী, মনোজ কুমাৰ ডেকা,তৰুণ চন্দ্ৰ দাস, সুনীল শৰ্মা, আৰ্জেদ হুছেইন চহৰীয়া, সুজিৎ চন্দ, বাবু ৰাভা হাকাচাম , মুখ্য সাংগঠনিক সম্পাদক কুশল শইকীয়া, সাংগঠনিক সম্পাদক অমূত পাল,চন্দন মালাকাৰ, দ্বীপজ্যোতি ডেকা, আৰ্ছাদ ৰহমান বৰা, কৃষ্ণ বৰ্মন প্ৰচাৰ সম্পাদক মিণ্টু হাজৰিকা, মৌচম জ্যোতি বৈশ্য, হিৰক জ্যোতি মেধি , কোষাধ্যক্ষ ৰিদীপ কলিতা আৰু কাৰ্যালয় সম্পাদক অৱণী বৰুৱা। কাৰ্যনিৰ্বাহক সদস্য সকল ক্ৰমে মাধুৰ্যজিৎ বৰুৱা ,ঘনকান্ত কলিতা, ৰণজিৎ দত্ত,পূৰৱী কাশ্যপ আদি।
আবেলিৰ ভাগত বিশিষ্ট সাংবাদিক প্ৰশান্ত মহন্তৰ সভাপতিত্বত এক মুকলি সভাও অনুষ্ঠিত হয়।
মুকলি সভাতে কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!