🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১১ ফাগুন , সোমবাৰ, ইং ২৪ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৬/০/৪৮
সূৰ্য্যাস্ত ঘ :- ৫/১৯/৫৯
ৰাশি : – ধনু ৰাশি।
তিথি :- কৃষ্ণা একাদশী , দি:ঘ:- ১০/৪৪/৩২ যোৱাত কৃষ্ণা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পূৰ্ব্বাষাঢ়া । ঘ:- ৪/৩২/৫৪ লৈ।
শুভ সংখ্যা :- ৮/২
শুভ ৰং : – বগা / গোলপীয়া ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- নাই। ১০/৪৪/৩২ যোৱাত এপদ, ঘ:- ৪/৩২/৪৪ যোৱাত ত্ৰিপদ।
যাত্ৰা :- আগ্নি কোনত নাই।প্ৰা:ঘ:- ১০/৪৪/৩২ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- আগ্নি কোনত।প্ৰা:ঘ:- ১০/৪৪/৩২ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- উৰহী খোৱা নিষেধ। প্ৰা:ঘ:- ১০/৪৪/৩২ যোৱাত পূৰৈ শাক খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, প্ৰেমত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, যদিও আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত যাত্ৰাত শুভ বুলি কব পাৰি, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ’ব লগতে আজি আপোনাৰ বন্ধুৰ লগত সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল খেতিয়ক আছে তেওঁলোকৰ মনত আনন্দ বাঢ়িব, যদিও আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰতিভাৰ বিকাশ হ’ব, পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ সুমাম বাঢ়িব, যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ব্যয় বৃদ্ধি হ’ব পাৰে,ধন সম্পত্তি হানি হ’ব পাৰে যদিও আজি আপোনাৰ সামাজিক কৰ্মত ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব যদিও আজি আপুনিদেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব,কৰ্মচাৰী সকলৰ কৰ্মক্ষেত্ৰত উন্নতি হ’ব, যদিও আজি আপুনি সজাগ নহ’লে মনত আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন সম্পত্তি আহিব, আনন্দ মনে দিনটো পাৰ হ’ব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, কৰ্মত সফলতা লাভ কৰিব যদিও আজি আপুনি ভাতৃ স্থানীয় ব্যক্তি পৰা সাৱধনে থকাটো ভাল হ’ব।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব,সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব যদিও আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ’লে সামান্য পাৰিবাৰিক অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত সামাজিক কৰ্মত ব্যস্ততা বাঢ়িব,প্ৰেমত শুভ বুলি কব পাৰি যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205