🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১২ ফাগুন , মঙ্গলবাৰ, ইং ২৫ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫৯/৫০
সূৰ্য্যাস্ত ঘ :- ৫/৩০/১৮
ৰাশি : – মকৰ ৰাশি।
তিথি :- কৃষ্ণা দ্বাদশী , দি:ঘ:- ১১/১১/৪৫ যোৱাত কৃষ্ণা ত্ৰযোদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- উত্তৰাষাঢ়া । ঘ:- ৪/৪৫/৪৩ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং : – ৰঙা / সোনালী ।
আদ্যঋতু :- সুভগা যোগ ।
মৰণৰ দোষ :- পূৰ্ণদোষ। ঘ:- ১০/২৮/৩২ যোৱাত ত্ৰিপদ, আ:ঘ:- ৪/৪৫/৪৩ যোৱাত এপদ।
যাত্ৰা :- ঈশান কোনত নাই। ঘ:- ১০/২৮/৩২ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- ঈশান কোনত। ঘ:- ১০/২৮/৩২ যোৱাত দক্ষিণ দিশত।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ। প্ৰা:ঘ:- ১০/২৮/৩২ যোৱাত বেঙেনা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত বুলি কব পাৰি, লগত বন্ধুৰ পৰা আজি আপুনি ভাল উপদেশ লাভ কৰিব, যদিও আজি আপোনাৰ দেহ মনত কষ্ট পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন সন্মান লাভ কৰিব, লগতে আজি আপুনি সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত ভাতৃ স্থানীয় ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ’ব পাৰে লগতে আজি আপুনি শত্ৰুৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, সৌভাগ্যৰ উদয় হ’ব, লগতে আজি আপোনাৰ মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব লগতে আজি আপোনাৰ শত্ৰু নাশ হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, ব্যৱসায়িক ভাৱে সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ হাতলৈ ধন- সম্পত্তি অহাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক উন্নতি হ’ব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হোৱাৰ যোগ দেখা যায়

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মিচা অপৱাদ পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, আৰ্থিক দিশটো টনকিয়াল হ’ব, হাতলৈ ধন সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত লগ বন্ধুৰ পৰা কৰ্মত সহায় সহযোগিতা লাভ কৰিব, নতুন নতুন কাপোৰ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব লগতে আজি আপুনি হীনমান্যতাত ভুগিব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!