🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৩ ফাগুন , বুধবাৰ, ইং ২৬ ফেব্ৰুৱাৰী ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫৮/৫২
সূৰ্য্যাস্ত ঘ :- ৫/২১/১০
ৰাশি : – মকৰ ৰাশি। শে:ৰা:ঘ:- ৪/১২/১৬ যোৱাত কুম্ভ ৰাশি।
তিথি :- কৃষ্ণা এযোদশী , দি:ঘ:- ৯/৪৩/৬ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- শ্ৰৱণা । ঘ:- ৪/৩১/৪২ লৈ।
শুভ সংখ্যা :- ১/৫
শুভ ৰং : – বগা / সেউজীয়া ।
আদ্যঋতু :- সুভগা যোগ ।
মৰণৰ দোষ :- নাই । ঘ:- ৯/৪৩/৬ যোৱাত এপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। ঘ:- ৯/৪৩/৬ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত । ঘ:- ৯/৪৩/৬ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। প্ৰা:ঘ:- ৯/৪৬/৬ যোৱাত মাটিমাহ খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন- সন্মান লাভ কৰিব, মনত ভক্তি ভাৱ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য সম্পত্তি হানি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, ঘৰত শুভ কৰ্ম কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপুনি সততাৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, কৰ্ম শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি অপমানিত হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সিদ্ধান্ত কৰোতে সামান্য খেলিমেলি হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰত উৎসৱৰ মুখৰ পৰিবেশৰ সৃষ্টি হ’ব যদিও আজি আপুনি সকলো কৰ্মতে সতৰ্কিতে আগুৱাই যাবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত আনন্দ বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সুখ শান্তি বাঢ়িব, লগ বন্ধুৰ সান্নিদ্ধ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি লগ বন্ধুৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সকলো দিশতে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ’ব লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকে পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে ধন সম্পত্তি সামান্য অপচয় হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ছোৱালী সকলৰ মনত আনন্দ বাঢ়িব, লগতে আজি সমাজ কৰ্মী সকলে সামাজিক কৰ্মত প্ৰতিষ্ঠা লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!