🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২১ ফাগুন , বৃহস্পতি বাৰ, ইং ৬ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৫১/৫৩
সূৰ্য্যাস্ত ঘ :- ৫/২৬/৫৩
ৰাশি : – বৃষ ৰাশি।
তিথি :- শুক্লা সপ্তমী , আ:ঘ:- ৩/২৭/৫৩ যোৱাত শুক্লা অষ্টমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- ৰোহিনী । শে:ঘ:- ৪/১৯/৪ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং : – হালধীয়া / ৰঙা ।
আদ্যঋতু :- পতিহীনা যোগ ।
মৰণৰ দোষ :- এপদ। আ:ঘ:- ৩/২৭/৫৩ যোৱাত নাই।
যাত্ৰা :- বাযু কোনত নাই।আ:ঘ:- ৩/২৭/৫৩ যোৱাত ঈশান কোনত নাই।
যোগিনী :- বাযু কোনত ।আ:ঘ:- ৩/২৭/৫৩ যোৱাত ঈশান কোনত ।
ভক্ষাভক্ষ্য :- তাল খোৱা খোৱা নিষেধ,আ:ঘ:- ৩/২৭ /৫৩ যোৱাত নাৰিকল খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ শান্তি বাঢ়িব, আনৰ পৰা ভাল উপদেশ লাভ কৰিব যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণ সুখ শান্তি বাঢ়িব,সমাজ কৰ্মী সকলে ৰাজহুৱা কৰ্মত ব্যস্ত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব,আয় উপাৰ্জন বাঢ়িব যদিও আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ’ব।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব, কৰ্মত পদোন্নতি লাভ কৰিব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি সকলো দিশতে সংযমী হোৱাটো ভাল হ’ব।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয় পৰিয়ালৰ পৰা মনত সুখ শান্তি লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সকলো দিশতে সজাগ হ’ব, লগতে আজি আপুনি ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সহাৰি লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ মনত আনন্দ বাঢ়িব যদিও আজি আপুনি সকলো ধৰণৰ চুক্তি কৰাৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে শুভ বুলি কব পাৰি, শত্ৰু নাশ হব, লগতে আজি আপোনাৰ ধন সম্পত্তি আৰু সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ধন সম্পত্তি লৈ মনোমালিন্য হ’ব পৰে, প্ৰেমত সামান্য বাধা আহিব পাৰে, যদিও আজি সমাজ কৰ্মী সকলে সামাজিক কৰ্মত ৰাইজৰ সহায় সহযোগিতা লাভ কৰিব।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰনি সমস্যাৰ সমাধান হ’ব, আজি আপোনাৰ প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি কৰ্মত সকলো দিশতে সজাগ হোৱাটো ভাল হ’ব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত কৰ্মক্ষেত্ৰত সন্মান বাঢ়িব, কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ নতুন কৰ্ম লাভ হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত আনন্দ বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205