ৰাজ্যজুৰি সমূহ ইছলাম ধৰ্মী ৰাইজে পালন কৰি আহিছে পৱিত্ৰ মাহ ৰমজান। ইছলাম ধৰ্মী লোকসকলৰ এই পৱিত্ৰ ৰমজান মাহ উপলক্ষে আমছুৰ ব্যতিক্ৰমী অনুষ্ঠান। নলবাৰী জিলাৰ মুকালমুৱাৰ লাৰকুছিত আমছুৰ উদ্যোগত অনুষ্ঠিত কৰে সমূহীয়া ইফতাৰ আৰু দোৱা অনুষ্ঠান। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নলবাৰী জিলা সমিতিৰ অন্তৰ্গত লাৰকুছি আঞ্চলিক সমিতিৰ উদ্যোগত বিশ্ব শান্তি আৰু প্ৰতিটো জাতি ধৰ্মৰ মানুহৰ মাজত ভাতৃত্ববোধ গঢ়াৰ্থে লাৰকুছি তিনিআলিত সমূহীয়া ইফতাৰ আৰু দোৱাৰ অনুষ্ঠান আয়োজন কৰে। অসমৰ বিভিন্ন জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৰে মাজত একতাৰ বান্ধোন অটুট ৰখাৰ লগতে বিশ্ব শান্তিৰ বাবে সমূহীয়া দোৱাও কৰে। সমাজত সকলোৱে যাতে সদায় একতাৰ বান্ধোনেৰে বান্ধ খাই থাকিব পাৰে তাৰ কামনা কৰি নেদেখাজনৰ ওচৰত দোৱা বিচাৰে। উক্ত অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক আমজাদ হুছেইন, নলবাৰী জিলা সমিতিৰ সভাপতি অধিবক্তা মহিদুল ইছলাম, সাধাৰণ সম্পাদক ৰচিদ লতিফ, জিলা সমিতিৰ বিষয়ববীয়া সকল, বিভিন্ন আঞ্চলিকৰ বিষয়ববীয়াসকল, লাৰকুছি আঞ্চলিক সমিতিৰ বিষয়ববীয়াৰ লগতে সমাজৰ গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!