🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৫ ফাগুন , সোমবাৰ, ইং ১০ মাৰ্চ ২০২৫
সূৰ্য্যোদয় ঘ :- ৫/৪৭ /৩২
সূৰ্য্যাস্ত ঘ :- ৫/২৮/৫২
ৰাশি : – কৰ্কট ৰাশি।
তিথি :- শুক্লা একাদশী, দি:ঘ:- ৯ /৫০/৪৩ যোৱাত শুক্লা দ্বাদশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুষ্যা । শে:ঘ:- ২/২৪/১৬ লৈ।
শুভ সংখ্যা :- ৪/২
শুভ ৰং : – বগা / গুলপীয়া।
আদ্যঋতু :- কান্তা যোগ ।
মৰণৰ দোষ :- নাই । ঘ:- ৯/৫০/৪৩ যোৱাত এপদ।
যাত্ৰা :- অগ্নি কোনত নাই। ঘ:- ৯/৫০/৪৩ যোৱাত নৈঋত কোনত নাই।
যোগিনী :- অগ্নি কোনত । ঘ:- ৯/৫০/৪৩ যোৱাত নৈঋত কোনত।
ভক্ষাভক্ষ্য :- উৰহী শাক খোৱা নিষেধ, ঘ:- ৯/৫০ /৪ যোৱাত পূৰৈ শাক খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, আনৰ পৰা মৰম- চেনেহ লাভ কৰিব, লগতে আজি বিবাহিত ব্যক্তি সকলে পাৰিবাৰিক সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনোমালিন্য হ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সাৱধানে আগবাঢ়ি যোৱাটো ভাল হ’ব, যদিও আজি আপোনাৰ মনলৈ নতুন নতুন ব্যৱসায় বানিজ্যৰ চিন্তা আহিব, লগতে আজি আপোনাৰ প্ৰেম আৰু কৰ্মত বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সুখ শান্তি লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, লগতে আজি আপুনি ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জটিলতা আহিব পাৰে, লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনটো সামান্য উদ্বিগ্ন হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে ভাতৃ স্থানীয় ব্যক্তিৰ পৰা মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হয়, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দ্ৰব্য বা সম্পত্তি হানি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে লগ বন্ধু বা আত্মীয় পৰিয়ালৰ লগত সামান্য মনোমালিন্য বা বিশ্চেদ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰিয় ব্যক্তিৰ সান্নিধ্য লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো সামান্য বিয়াকুল হ’ব, লগতে আজি আপুনি সামাজিক সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত ৰোগ নাশ হব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য বিভ্ৰান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনত আনন্দ বাঢ়িব, বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সুখ শান্তি লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য জটিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, কৰ্মত অধিক দ্বায়িত্ব লাভ কৰিব, লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য পৰিবৰ্তন হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205