শিৱসাগৰ বিধানসভা সমষ্টিৰ অন্তর্গত দিখৌমুখ অঞ্চলৰ ভেছেলিমাৰীৰ যাতায়ত একমাত্ৰ পথটো ১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভেছেলিমাৰী ন আলিটোৰ আধাৰশিলা প্রায় ন-মাহৰ পূৰ্বে স্থাপন কৰাৰ পাছতো আজিলৈকে আধাও নোহোৱাক লৈ তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে |
লগতে স্থানীয় বিধায়ক অখিল গগৈক তীব্র ভাষাৰে সমালোচনা কৰিছে অঞ্চলৱর্তী ৰাইজে | উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে সততে যিকোনো চৰকাৰী আঁচনিৰ কামকাজ সময়মতে সম্পন্ন হোৱাত অগ্ৰাধিকাৰ দিয়া পৰিলক্ষিত হয় | যদিও কি কাৰণত এই পথটোৰ ক্ষেত্ৰত গগৈ নিমাত সেই বিষয়টো প্ৰেক্ষাগৃহত এতিয়া লাখটকীয়া প্ৰশ্ন | এনে প্ৰেক্ষাপটত আজি স্থানীয় ৰাইজে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু পথটোৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰে | লগতে আগন্তুক এমাহৰ ভিতৰত পথটো নিৰ্মাণ সম্পূৰ্ণ নকৰিলে নিৰ্বাচন বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিছে |
