🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১১ বহাগ , শুক্ৰ বাৰ, ইং ২৫ এপ্ৰিল ২০২৫
সূৰ্য্যোদয় ঘ :- ৪/৫৪/৩
সূৰ্য্যাস্ত ঘ :- ৫/৪৪/৫৫
ৰাশি : – মীন ৰাশি।
তিথি :- কৃষ্ণ দ্বাদশী । ঘ:- ৭/৫২/৬ যোৱাত কৃষ্ণা ত্ৰয়োদশী তিথি আৰম্ভণি হব।
নক্ষত্ৰ :- পূৰ্ব্বভাদ্ৰপদ। প্ৰা:ঘ:- ৫/১৮/৫৫ লৈ।
শুভ সংখ্যা :- ২/৬
শুভ ৰং : – চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- দূৰ্ভগা যোগ ।
মৰণৰ দোষ : – ত্ৰিপদ। প্ৰা:ঘ:- ৫/১৮/৫৫ যোৱাত এপদ, দি: ঘ:- ৭/৫২/৬ যোৱাত নাই ।
যাত্ৰা :- নৈঋত কোনত নাই । ঘ:- ৭/৫২/৬ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী :- নৈঋত কোনত । ঘ:- ৭/৫২/৬ যোৱাত দক্ষিণ দিশত ।
ভক্ষাভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ। দি:ঘ:- ৭/৫২/৬ যোৱাত বেঙেনা খোৱ নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনন্দ মনে দিনটো পাৰ হ’ব, ধন সম্পত্তি বাঢ়িব, লগতে আজি আপুনি কৰ্মত আন ব্যক্তিৰ পৰা সহায় সহযোগিতা লাভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব,নৃত্য আৰু সংগীত শিল্পী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য আৰ্থিক চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে, সামান্য মনোমালিন্য হ’ব পাৰে , যদিও আজি আপোনাৰ প্ৰতিভা বিকাশৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত শুভ বুদ্ধিৰ উদয় হ’ব, ৰোগ আৰোগ্য হ’ব, লগতে আজি আপোনাৰ হাতলৈ হঠাতে ধন সম্পত্তি অহাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনটো আনন্দিত হ’ব, লগতে আজি আপোনাৰ ধন সম্পত্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ বুলি কব পাৰি, ভ্ৰমণত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ উত্তম ভোজন লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বাঢ়িব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সামান্য খৰছ বাঢ়িব পাৰে, কৰ্মত সামান্য জটিলতা আহিব পাৰে, যদিও আজি ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যান বাহন লাভ কৰিব পাৰে, হঠাতে হাতলৈ ধন সম্পত্তি আহিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত লগ বন্ধুৰ পৰা সহায় সহযোগিতা লাভ কৰিব, নতুন নতুন কৰ্ম লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, সামান্য ব্যয় বাঢ়িব পাৰে, যদিও আজি খেতিয়ক সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি মিচা অপৱাদ পাৱলগীয়া হোৱাৰ কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন ড° নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205