অসমত অনুষ্ঠিত পঞ্চায়ত নির্বাচন,২০২৫ ত সমগ্ৰ অসমতে শাসকীয় দলটোৱে চমকপ্রদ বিজয় সাব্যস্ত কৰিছে। কিন্তু ইয়াৰ বিপৰীতে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ কেবিনেট মন্ত্রী ৰঞ্জিত কুমাৰ দাসৰ গৃহ জিলা পৰিষদ সমষ্টি মধ্য বজালী জিলা পৰিষদত নির্দলীয় প্রার্থীয়ে চাৰি হেজাৰৰো অধিক ভোটৰ ব্যৱধানত ভাৰতীয় জনতা পাৰ্টীৰ হেভীৱেট প্রার্থীগৰাকীক পৰাজিত কৰিছে। অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে বজালী জিলাৰ মধ্য বজালী জিলা পৰিষদ সমষ্টিৰ অর্ন্তগত বিৰবিৰা গাঁৱত স্থায়ীভাবে গৃহ নিৰ্মাণ কৰি বসবাস কৰে। একেদৰে মধ্য বজালী জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীৰ হৈ প্রতিদ্বন্দিতা আগবঢ়োৱা প্রার্থীজন বজালী জিলা পৰিষদৰ অধ্যক্ষ হিচাবে কার্যনির্বাহ কৰিছিল আৰু তেওঁ পঞ্চায়ত আৰু গ্রমোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰীৰ অতি ঘনিষ্ঠ লোক। উল্লেখযোগ্য যে মধ্য বজালী জিলা পৰিষদ সমষ্টিত অন্য এগৰাকী নির্দলীয় প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছিল যদিও তেওঁ মুকলিভাবে বিজয়ী নির্দলীয় প্রার্থীগৰাকীৰ সপক্ষে বিভিন্ন সভা সমিতিত যোগদান কৰিছিল। বিগত নির্বাচনত মধ্য বজালী জিলা পৰিষদত ভাৰতীয় জনতা পার্টীৰ হৈ প্রতিদ্বন্দিতা আগবঢ়োরা প্রার্থীজনে বিভিন্ন মাধ্যমত ব্যাপক নির্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে নির্দলীয় প্রার্থীগৰাকীয়ে কিছুসংখ্যক সমৰ্থকেৰে প্ৰচাৰ চলাইছিল। ভাৰতীয় জনতা পাৰ্টীৰ হৈ অসমৰ জনপ্রিয় মুখ্যমন্ত্ৰীৰ লগতে কেইবাজনো মন্ত্রীয়ে মধ্য বজালী জিলা পৰিষদ সমষ্টিত প্ৰচাৰ চলাইছিল। আমি বিশ্বাস কৰো বিজয়ী নির্দলীয় প্রার্থীগৰাকীৰ জৰিয়তে বজালীৰ ৰাইজে নিজৰ ক্ষোভ প্রকাশ কৰিছে। সেই ক্ষোভ বহুদিন ধৰি ৰাইজৰ মনত পঞ্জীভুত হৈ আছিল। আজিলৈ বজালী জিলাৰ সীমা নির্ধাৰণ নহল, কেতিয়া সীমা নির্ধাৰণ হব, সেই কথা অনিশ্চিত। সীমা নির্ধাৰণ সম্পৰ্কত অধ্যয়ন কৰিবলৈ কেবিনেট মন্ত্রী অতুল বৰাৰ নেতৃত্বত এখন সমিতি গঠন কৰি দিছিল। সেই সমিতিৰ প্ৰতিবেদন আজিলৈ ৰাজহুৱা নহল। বজালীৰ ৰাইজৰ মনত জমা হৈ থকা ক্ষোভ অতুল বৰালৈ প্ৰদৰ্শন কৰিছিল, তেওঁ কেন্দুগুৰি চকত ০৪.০৫.২০২৫ ইং তাৰিখে কৰা নিৰ্বাচনী সভাত। সেই সভাত ১০০ খন চকীৰ ব্যৱস্থা কৰা হৈছিল, সকলো চকী পূৰণ নহল। বজালী জিলাৰ সীমা নিৰ্ধাৰণ নোহোৱাৰ উপৰিও বজালী জিলালৈ জিলা পৰ্যায়ৰ চৰকাৰী কার্যালয়সমূহ নাহিল, কেতিয়া আহিব সেই উত্তৰ জনপ্রতিনিধিৰ হাতত নাই। কেইবাটাও চৰকাৰী কাৰ্যালয় বজালীৰ সদৰ পাঠশালাৰ পৰা স্থানান্তৰ হল, জনপ্রতিনিধি জন নিমাতে থাকিল। বিশ্বৰ অন্যতম বৃহৎ ৰাজনৈতিক দল বুলি দাবী কৰা ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন অতি দৃঢ় বুলি শুনি থাকো। ভোটাৰ তালিকাৰ এটা পৃষ্ঠাৰ বিপৰীতে এজনকৈ কার্যকর্তাক (পৃষ্ঠাপ্রমুখ) নিয়োগ কৰাৰ পিছতো এজন নির্দলীয় প্রার্থীৰ জয়ে অনাগত সময়ৰ বিভিন্ন ৰাজনৈতিক সমীকৰণৰ ইংগিত বহন কৰিছে।
উল্লেখ্য যে, ৪নং মধ্য বজালী জিলা পৰিষদৰ প্ৰাৰ্থী দিলীপ বৰুৱাই লাভ কৰে ১৪,০৭২টা আৰু ৰণজিৎ শালৈয়ে লাভ কৰে ৯৯৪৬টা ভোট।

(৪১২৬টা ভোটৰ ব্যৱধানত দিলীপ বৰুৱা বিজয়ী হয়।)