🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
২৯ বহাগ , মঙ্গলবাৰ , ইং ১৩ মে ২০২৫
সূৰ্যোদয় ঘ :- ৪/৪১/৫৪
সূৰ্যাস্ত ঘ :- ৫/৫৪/১৮
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- কৃষ্ণা প্ৰতিপদ তিথি ।
ৰা:ঘ:- ১০/৫৪/২ যোৱাত কৃষ্ণা দ্বিতীয়া তিথি আৰম্ভণি হব।
নক্ষত্ৰ :- বিকাশা । প্ৰা:ঘ:- ৮/১/০ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং : – ৰঙা / ধোৱাবৰণ ।
আদ্যঋতু:- বেশ্যা যোগ ।
মৰণৰ দোষ : – ত্ৰিপদ । প্ৰা:ঘ:- ৮/১/০ যোৱাত এপদ। ৰা:ঘ:- ১০/৫৪/২ যোৱাত দ্বিপদ।
যাত্ৰা :- পূৱ দিশত নাই । ৰা:ঘ:- ১০/৫৪/২ যোৱাত উত্তৰ দিশত নাই।
যোগিনী :- পূৱ দিশত । ৰা:ঘ:- ১০/৫৪/২ যোৱাত উত্তৰ দিশত।
ভক্ষ্যা-ভক্ষ্য :- কোমোৰা খোৱা নিষেধ। ৰা:ঘ:- ১০/৫৪/২ যোৱাত তিতা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আৰ্থিক দিশটো টনকিয়াল হ’ব,উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰীব, লগতে আজি আপোনাৰ কৰ্মৰ দ্বাৰা আনৰ বিশ্বাসী হ’বলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা সামান্য মনত কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সৰু- সুৰা কথাতে মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে ধন সম্পত্তি ক্ষয় হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি সজাগ নহ’লে ধন সম্পত্তি সামান্য ব্যয় হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, প্ৰেমত আনন্দ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ বুলি কব পাৰি, শুভ কৰ্মলৈ মনোনিবেশ হ’ব পাৰে, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, লগতে আজি বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য বাধাৰ সৃষ্টি হোৱাব যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে,ছাত্ৰ ছাত্ৰী সকলে সফলতা লাভ কৰিব, লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পূৰণ হ’ব যদিও আজি আপুনি সজাগ নহ’লে ঘৰুৱা কৰ্মত সামান্য মনোমালিন্য হ’ব পৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য জটিলতা সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত মনত ভক্তি ভাৱ বাঢ়িব,নতুন বস্ত্ৰ পৰিধান কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত খেলিমেলিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্ম আৰু ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব যদিও আজি আপুনি সজাগ নহ’লে সন্মান হানি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ”, “বাস্তুশাস্ত্ৰ” আৰু “নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!