🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
৬ জেঠ , বুধবাৰ , ইং ২১ মে ২০২৫
সূৰ্যোদয় ঘ :- ৪/৩৬/৩০
সূৰ্যাস্ত ঘ :- ৫/৫৯/৪
ৰাশি : – কুম্ভ ৰাশি।
তিথি :- কৃষ্ণা নৱমী তিথি ।
ৰা:ঘ:- ১০/১৪/৪৫ যোৱাত কৃষ্ণা দশমী তিথি আৰম্ভণি হব।
নক্ষত্ৰ :- শতভিষা । দি:ঘ:- ২/২৭/৫৫ লৈ।
শুভ সংখ্যা :- ৮/৬
শুভ ৰং : – সেউজীয়া/ বগা ।
আদ্যঋতু:- সুভগা যোগ ।
মৰণৰ দোষ : – নাই। ঘ:- ২/২৭/৫৫ যোৱাত দ্বিপদ।
যাত্ৰা :- পূৱ দিশত নাই । ৰা:ঘ:- ১০/১৪/৪৫ যোৱাত উত্তৰ দিশত নাই ।
যোগিনী :- পূৱ দিশত । ৰা:ঘ:- ১০/১৪/৪৫ যোৱাত উত্তৰ দিশত।
ভক্ষ্যা-ভক্ষ্য :- লাও খোৱা নিষেধ। ৰা:ঘ:- ১০/১৪ /৪৫ যোৱাত উৰহী খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, চকুৰ অসুখ হ’ব পাৰে যদিও আজি আপোনাৰ কৰ্মক্ষেত্ৰত সফলতা লাভ হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, আন ব্যক্তি দ্বাৰা আপোনাৰ ক্ষয় ক্ষতি হব পাৰে, যদিও আজি শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, কৰ্মত সফলতা লাভ কৰিব, উৎসৱ পাৰ্বনৰ অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব, নতুন নতুন কৰ্ম লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সকলো দিশতে জয় লাভ হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত কৃতকাৰ্যতা লাভ কৰিব, লগতে আজি সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য প্ৰৰিশ্ৰম বাঢ়িব, যদিও আজি ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, লগতে আজি আপোনাৰ শত্ৰু হানি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, ঘৰুৱা কৰ্মত আনন্দ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত যিসকল খেতিয়ক আছে তেওঁলোকৰ কৰ্মত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, নতুন নতুন ব্যৱসায় বানিজ্যৰ শুভ বুলি কব পাৰি, যদিও আজি আপুনি কৰ্মত সতৰ্কতাৰ অৱলম্বন কৰাটো ভাল হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ছোৱালী আছ তেওঁলোকৰ মনত সামান্য কষ্ট পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত মনত সুখ শান্তি বাঢ়িব, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত নতুন প্ৰেমত সহাৰি লাভ কৰিব, ভ্ৰমণৰ সুযোগ লাভ কৰিব যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাটো ভাল হ’ব।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ”, “বাস্তুশাস্ত্ৰ” আৰু “নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205