🌞 শ্ৰীশ্ৰীসূৰ্যায় পৰমব্ৰহ্মণে নম:🌞
৯ জেঠ , শনিবাৰ , ইং ২৪ মে ২০২৫
সূৰ্যোদয় ঘ :- ৪/৩৬/১৮
সূৰ্যাস্ত ঘ :- ৬/১/৩৯
ৰাশি : – মীন ৰাশি। ঘ:- ১০/২৯/৫৮ যোৱাত মেষ ৰাশি।
তিথি :- কৃষ্ণা দ্বাদশী তিথি ।
আ:ঘ:- ৩/৪৪/৩১ যোৱাত কৃষ্ণা ত্ৰযোদশী তিথি আৰম্ভণি হব।
নক্ষত্ৰ :- ৰেৱতী । দি:ঘ:- ১০/২৯/৫৮ লৈ।
শুভ সংখ্যা :- ২/৮
শুভ ৰং : – নীলা / কলা।
আদ্যঋতু:- দু:শীলা যোগ ।
মৰণৰ দোষ : – দ্বিপদ । আ:ঘ:- ৩/৪৪/৩১ যোৱাত এপদ।
যাত্ৰা :- নৈঋত কোনোত নাই । আ:ঘ:- ৩/৪৪/৩১ যোৱাত দক্ষিণ দিশত নাই ।
যোগিনী :- নৈঋত কোনোত । আ:ঘ:- ৩/৪৪/৩১ যোৱাত দক্ষিণ দিশত।
ভক্ষ্যা-ভক্ষ্য :- পূৰৈ শাক খোৱা নিষেধ। আ:ঘ:- ৩/৪৪/৩১ যোৱাত বেঙেনা খোৱা নিষেধ।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন নতুন কৌশল আয়ত্ব কৰিবলৈ হ’ব, কৰ্মত প্ৰভাৱ বাঢ়িব, লগতে আজি আপোনাৰ আয় উপাৰ্জন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ঠগ- প্ৰৱঞ্চকৰ পৰা সাৱধান হোৱাটো ভাল হ’ব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব যদিও আজি আপুনি সজাগ নহ’লে সৰু সুৰা কথাতে মনত সামান্য ভয় ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, যদিও আজি আপুনি কৰ্মত সজাগ নহ’লে আনৰ নিন্দনীয় হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ প্ৰকৃতিৰ প্ৰতি মৰম চেনেহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব , খেতিয়ক সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ভ্ৰমণত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ৰাজনৈতিক সা-সুবিধা লাভ কৰিব, কৰ্মত সামান্য পৰিবৰ্তন আহিব পাৰে, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য আঘাত পাৱলগীয়া হ’ব পাৰে, লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, মনৰ চিন্তা ধাৰা উন্নত মানৰ হ’ব, লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হব যদিও আজি আপুনি সজাগ নহ’লে বুদ্ধি নাশ হব পাৰে, লগতে আজি আপোনাৰ লগ বন্ধুৰ লগত বিশ্চেদ বা মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ভাল বন্ধুৰ সান্নিধ্য লাভ কৰিব, কৰ্মচাৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি-( দ,চ) :- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ শান্তি বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত আত্মীয় পৰিয়ালৰ পৰা সামান্য বাধাৰ সন্মুখীন হ’ব পাৰে লগতে আজি আপোনাৰ ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ”, “বাস্তুশাস্ত্ৰ” আৰু “নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

ড° নয়নজ্যোতি দেৱ শৰ্মা,
জ্যোতিষৰত্ন
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা-কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!