সুনিপুন শিল্পী গৰাকীৰ হাতৰ পৰশত প্ৰান পাই উঠিছে বিষ্ণু,জ্যোতি,লাচিত,ভূপেন আৰু মহাদেৱৰ প্ৰতিমূৰ্ত্তি

যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণত ব্যস্ত ভাষ্কৰ্য্য শিল্পী যতীন গগৈ

জমুগুৰিহাটৰ সমীপৰ খনামুখ ৰৌমাৰী গাঁৱৰ এগৰাকী ভাষ্কৰ্য্য শিল্পীয়ে নিৰ্ম্মান কৰা কাঠৰ সামগ্ৰী সমুহে ৰাইজৰ দৃষ্টি আকৰ্শন কৰিছে৷গাঁওখনৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক গৰাকীয়ে শিক্ষাদানৰ লগত জড়িত থকাৰ মাজতো বিগত প্ৰায় ৪০ বছৰ ধৰি শিল্প কলা চৰ্চা অব্যাহত ৰাখি সম্প্ৰতি কাঠেৰে নিৰ্মাণ কৰা কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা,জ্যোতিপ্ৰসাদ আগৰৱালা,সুধাকণ্ঠক ড°ভূপেন হাজৰিকা,লাচিত বৰফুকন,মহাদেৱ শিৱ আদিৰ প্ৰতিমূৰ্তি সমুহে প্ৰান পাই উঠিছে শিল্পী হাতৰ পৰশত৷ইয়াৰ পৰিও ভাষ্কৰ্য্য শিল্পী গৰাকীয়ে মৌৰা চৰাই,ঘৰিয়াল আদিকে ধৰি বিভিন্ন জীৱ জন্তু কাঠেৰেই নিৰ্ম্মান কৰি উলিয়াই একপ্ৰকাৰ দিছে খাইলাখ জীৱন্ত ৰূপ ৷ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাষ্কৰ্য্য শিল্পী যতীন গগৈয়ে ইয়াৰ মাজতে অব্যাহত ৰাখিছে ছবি অকা,গান গোৱা আৰু কবিতা লিখা আদিৰো চৰ্চা৷ ২০১৬ বৰ্ষত শিক্ষকতাৰ বৃত্তিৰ পৰা অৱসৰগ্ৰহন কৰা এই গৰাকী ভাষ্কৰ্য্য শিল্পীয়ে বিগত ১৯৮৪ চনৰ পৰাই নিজৰ সাধনা অব্যাহত ৰাখি বৰ্তমান যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ খ্যাত যশস্বী কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমুৰ্ত্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে৷ যতীন গগৈ নামৰ এই গৰাকী সু নিপুন ভাষ্কৰ্য্য শিল্পীয়ে জানিবলৈ দিয়া মতে তেখেত বনৌষধি চিকিৎসা ব্যৱস্থাৰ লগতো জঢ়িত হৈ ইতিমধ্যে বহু ৰোগীৰ ৰোগ নিৰাময়ত সফল হৈছে৷দীৰ্ঘদিন ধৰি শিক্ষা দান,ভাষ্কৰ্য্য শিল্প চৰ্চা,কাব্যচৰ্চা,গীত গোৱাৰ উপৰিও স্বাস্থ্যৰক্ষাৰ লগত জঢ়িত হৈ অহা বহুকেইটা গুণৰ অধিকাৰী অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক ভাষ্কৰ্য্য শিল্পী যতীন গগৈয়ে জীৱনৰ বিয়লি বেলাত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিশেষ সন্মান তথা স্বীকৃতি লাভৰ আশাপ্ৰকাশ কৰিছে৷

জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!