ফণী ভুষণ চৌধুৰী সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বঙাইগাঁও সমষ্টিত হ’ব লগা নিৰ্বাচনক লৈ ৰাজনৈতিক দল সংগঠনৰ নেতা – কৰ্মীৰ মাজত আৰম্ভ হৈছে ব্যাপক জল্পনা কল্পনা।
লোক সভা নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি উপ নিৰ্বাচনত বিজেপি দলে সমষ্টিতো অগপ দলক এৰি দিয়াৰ সম্ভাৱনাই অধিক।
সেই অনুসৰি সমষ্টিতোৰ পূৰ্বৰ বিধায়ক তথা বৰ্তমানৰ সাংসদ ফণী ভুষণ চৌধুৰীৰ ওপৰতে নিৰ্ভৰ কৰিব উপ নিৰ্বাচনৰ অগপৰ সাম্ভাব্য প্ৰাৰ্থী গৰাকীৰ ভাগ্য। অগপৰ এক সুত্ৰই উল্লেখ কৰা মতে – উপনিৰ্বাচনত বঙাইগাঁও সমষ্টিৰ অগপৰ প্ৰাৰ্থী হ’ব পাৰে সাংসদ ফণী ভুষণ চৌধুৰীৰ পত্নী দীপ্তি চৌধুৰী।
আনহাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ’ব পাৰে জ্যেষ্ঠ কংগ্ৰেছী গীৰিশ বৰুৱা।
ইফালে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তথা একালৰ অসম আন্দোলনৰ ছাত্ৰ নেতা ব্ৰজেন জিৎ সিংহকো বিৰোধী ৰাজনৈতিক দল সমূহে উমৈহতীয়া বিৰোধী দলৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ বাবে আলোচনা প্ৰক্ৰিয়া আগুৱাই নিছে।
ইয়াৰ মাজতে কোচ ৰাজবংশীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ একাংশ দল সংগঠন তথা ৰাইজে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ গোকুল বৰ্মনক উপ নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাটো বিচাৰিছে।
বিধানসভাৰ মজিয়াত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমুহ সাজোৰে উত্থাপন কৰিবলৈ আৰু কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত বিধানসভাৰ মজিয়াত বলিষ্ঠ ভুমিকা পালন কৰাৰ স্বাৰ্থতে একাংশ কোচ ৰাজবংশীৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ দল সংগঠনে গোকুল বৰ্মনক উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ হেঁচা প্ৰয়োগ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে এই বিষয়ত চুড়ান্ত সিদ্ধান্ত লোৱাৰ বাবে গোকুল বৰ্মনে দল সংগঠন সমূহৰ ওচৰত কিছু সময় বিচৰা বুলি জানিব পৰা গৈছে।
কোচ ৰাজবংশী ভোটাৰ প্ৰধান বঙাইগাঁও সমষ্টিৰ উপ নিৰ্বাচনত যদি অগপৰ হৈ দীপ্তি চৌধুৰী, বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ব্ৰজেন জিৎ সিংহ আৰু নিৰ্দলীয় হিচাপে গোকুল বৰ্মনে প্ৰতিদ্বন্দিতা আগবঢ়ায় তেন্তে উপ নিৰ্বাচনত সমষ্টিটোত ত্ৰিকোণীয়া প্ৰতিদ্বন্দিতা হোৱাটো নিশ্চিত।
