মূৰাৰাৰ গোপাল মন্দিৰত এজাক বৰষুণতে ডুব যায় পথ,কাণষাৰ নাই বিধায়কৰ
ৰঙিয়াত কৃত্ৰিম বানপানীয়ে লৈছে ভয়াবহৰূপ। এজাক বৰষুণতে ডুব যায় ৰঙিয়াৰ কেইবাটাও অঞ্চল তথা উপ- পথ । তাৰ ভিতৰত ৰঙিয়াৰ মূৰাৰা গোপাল মন্দিৰ পথ, বিষ্ণু মন্দিৰৰ পথ আদিকে ধৰি গড়কা খৈৰাবাৰী সংযোগী পথ আদিত এজাক বৰষুণতে সাগৰ সদৃশ পথ হোৱাত স্থানীয় ৰাইজৰ স্বাভাৱিক জনজীৱন আৰু স্কুলীয়া শিক্ষাৰ্থীসকলৰ অহা যোৱাত সম্পূৰ্ণ ব্যাহত হৈ পৰে । বিশেষকৈ এইক্ষেত্ৰত স্থানীয় বিধায়ক তথা বিজেপিৰ সভাপতি ভৱেশ কলিতাই সকলো জানিও কাণষাৰ নিদিয়াৰ অভিযোগ স্থানীয় ৰঙিয়াৰ মূৰাৰা আৰু গড়কা- খৈৰাবাৰীৰ ৰাইজ সকলে ।
যোৱানিশাৰ পৰা নেৰানেপেৰা বৰষুণত কৃত্ৰিম বানপানী হৈ ভয়ংকৰ অসুবিধাৰ সৃষ্টি হয় । সাধাৰণ পথচাৰীকে বজাৰ সোমাৰ কৰিবলৈ যাবলৈ স্থানীয় ৰাইজে জীয়াতু ভূগিব লগাত পৰে । চেপ্তি নকুল গাওঁ পঞ্চায়তৰ অন্তৰ্ভুক্ত হোৱাৰ বাবে সভানেত্ৰী নবাৰুণা দাসৰ নিস্কৰ্মা কৰ্মকাণ্ড নথকাত এই পথৰ দূৰবস্থা হৈছে বুলিও ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে । তাৰোপৰি এজাক বৰষুণত কৃত্ৰিম বানপানী সৃষ্টি হোৱা ৰঙিয়া টাউনৰ উপপথ, মূৰাৰা গোপাল মন্দিৰ পথকে ধৰি কেইবাটাও পথৰ লোকে অতি শীঘ্ৰে কৃত্ৰিম বানপানীত বুৰ যোৱা পথৰ যাতায়ত ব্যৱস্থা সূচল নহ’লে স্থানীয় বিধায়কৰ বিৰুদ্ধে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব বুলি উল্লেখ কৰে ।