সমগ্ৰ ৰাজ্যৰ লগতে বৃহস্পতিবাৰে নগাঁও জিলাৰ পুৰণিগুদামতো উদ্যাপন কৰা হয় অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি ,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস ৷ অসম নাট্য সন্মিলনৰ পুৰণিগুদাম শাখাৰ উদ্যোগত আৰু নগাঁও জিলা সমিতিৰ সহযোগত তথা পুৰণিগুদাম ৰাধাকান্ত বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত বিদ্যালয়খনৰ প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্য্যসূচীৰে ৰাভা দিৱস উদ্যাপন কৰা হয় ৷ শিক্ষাবিদ জীৱন বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানত দুগৰাকী গ্ৰাম্যাঞ্চলৰ চহা শিল্পী ক্ৰমে গুণধৰ শইকীয়া আৰু পূৰ্ণ বৰা বৰবায়নক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানত সপোন্টি বৰদলৈ , জগমোহন শৰ্মা , জিতুমনি মহন্ত , সূৰুজ বৰা , পূৰ্ণানন্দ বাৰিককে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে৷ মুকলি সভাখনত বিষ্ণু প্ৰসাদ ৰাভাৰ বৰ্নীল জীৱন আদৰ্শৰ ওপৰত ননৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বসন্ত বৰাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গীত, আবৃত্তি আৰু শ্ৰুতিমধুৰ কথাৰে এক মননশীল বক্তৃতা প্ৰদান কৰি উপস্থিত শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হয় ৷ অনুষ্ঠানত বিদ্যালয়ৰ কেইবাগৰাকীও শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীয়ে গীত ,আবৃত্তি আৰু নৃত্য পৰিৱেশন কৰে ৷