নিউ গুৱাহাটীত আজি পুৱা পথৰ দাঁতিৰ পানী পৰিবাহী নলাৰ পৰা বনকৰ্মীৰ দলে এটা হৰিণা উদ্ধাৰ কৰে। জানিব পৰা মতে পুৱা ৯ মান বজাত নিউ গুৱাহাটীত অসম জাতীয় বিদ্যালয়ৰ সমীপত পথৰ দাঁতিত থকা পানী পৰিবাহী নলাটোত এটা হৰিণা সাঁতুৰি ওপৰলৈ উঠিবলৈ আপ্ৰাণ চেষ্টা কৰি থকা প্ৰত্যক্ষ কৰে একাংশ লোকে। তাৰ পাছত কোনো লোকে এই সন্দৰ্ভত বন বিভাগৰ গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাক ফোন যোগে অৱগত কৰে। বন বিষয়া প্ৰাঞ্জল বৰুৱাই লগে লগে নাৰেঙ্গী খণ্ড বন বিষয়া কাৰ্যালয়ৰ খণ্ড বন বিষয়া অসীম দাসক ততালিকে ঘটনাস্থলীলৈ গৈ হৰিণাটো উদ্ধাৰ কৰিবলৈ নিৰ্দেশ দিয়ে।

তেনেদৰে বৰুৱাই অসম ৰাজ্যিক চিৰিয়াখানা কৰ্তৃপক্ষকো বিষয়টো অৱগত কৰে। তাৰ পাছত নাৰেঙ্গী খণ্ড বন বিষয়া কাৰ্যালয় আৰু ৰাজ্যিক চিৰিয়াখানাৰ এটা দলে পুৱা ৯.৩০ বজাৰ পৰা হৰিণাটো উদ্ধাৰ কৰিবলৈ জাল আৰু অন্যান্য সামগ্ৰী ব্যৱহাৰ কৰি চেষ্টা চলাই প্ৰায় এঘণ্টাৰ অন্ততঃ হৰিণাটো নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পাছত হৰিণাটো ৰাজ্যিক চিৰিয়াখানালৈ লৈ যোৱা হয়। গুৱাহাটীৰ আঞ্চলিক বন বিষয়া প্ৰাঞ্জল বৰুৱাই জানিবলৈ দিয়া মতে পুৱাৰ ভাগত খাদ্যৰ সন্ধানত আহি পানী পৰিবাহী নলাটোত পৰি যোৱা বুলি সন্দেহ কৰা হৈছে। কিয়নো নিউ গুৱাহাটীৰ কাষৰীয়া পাহাৰ কেইখনত হৰিণাৰ বসতি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!