সৰু পৰ্দাৰ জনপ্ৰিয় মুখ হিনা খান। শেহতীয়াকৈ হিনাৰ শাৰীৰিক স্বাস্থ্যক লৈ প্ৰশ্ন উত্থাপন হৈছিল। আচলতে ছচিয়েল মিডিয়াত হিনা খুব সক্ৰিয়। কি পিন্ধে, কেনেকৈ চুলি কাটিছে, কোন কাপোৰৰ লগত কি গহনা পিন্ধে, জোতা কেনেকুৱা – এই সকলোবোৰ সবিশেষ ইনষ্টাগ্ৰামৰ জৰিয়তে অনুগামীসকলক কয়…।

যোৱা কিছুদিন ধৰি হিনা দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত বুলি জল্পনা-কল্পনা চলি আছিল। তেওঁৰ অনুৰাগীয়ে এইদৰে কৈ আছিল। এইবাৰ হেনাই নিজেই অসুস্থতাৰ বিষয়ে অৱগত কৰিলে। স্তন কেন্সাৰ ৰোগত আক্ৰান্ত অভিনেত্ৰী। বৰ্তমান এই ৰোগ তৃতীয় পৰ্যায়ত আছে।

অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এক বিবৃতিত লিখিছে, ‘যোৱা কেইদিনমানৰ পৰা মোৰ বিষয়ে বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। মোৰ সকলো অনুৰাগীৰ বাবে এয়া গুৰুত্বপূৰ্ণ খবৰ। মোৰ স্তন কেন্সাৰ ধৰা পৰিছে, ষ্টেজ থ্ৰী। সকলো বাধাৰ মাজতো মই কৈছো যে মই ভালেই আছো। এই ৰোগৰ পৰা আৰোগ্য লাভ কৰিবলৈ মই দৃঢ়প্ৰতিজ্ঞ। প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই পৰিস্থিতিত মোৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাবলৈ সকলোকে অনুৰোধ জনালোঁ। এই পৰিস্থিতিত মোৰ পৰিয়াল আৰু আপোনজন মোৰ লগত আছে ।”

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!