সমগ্ৰ বিশ্বতে বিভিন্ন বয়সৰ লাখ লাখ লোক বৰ্তমান মধুমেহ ৰোগত আক্ৰান্ত হৈ আছে। যাৰ কাৰণে হৃদযন্ত্ৰ, বৃক্ক, স্নায়ু, প্ৰদাহৰ লগত জড়িত বিভিন্ন সমস্যা দিনক দিনে বাঢ়ি আছে। কিন্তু শেহতীয়াকৈ ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা এক অধ্যয়নত কোৱা হৈছে যে দীৰ্ঘদিন ধৰি ডায়েবেটিছ ৰোগত আক্ৰান্ত মহিলাসকলৰ জৰায়ুৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা বেছি। গতিকে এই বিষয়ে সচেতন হোৱাৰ প্ৰয়োজন আছে।
প্ৰথম কথা, ডায়েবেটিছ ৰোগত আক্ৰান্ত হ’লে শৰীৰত হৰম’নৰ পৰিৱৰ্তন ঘটে। ইনচুলিন হৰম’নৰ অভাৱ বা অতিৰিক্ত নিঃসৰণ কোনোটোৱেই জৰায়ুৰ বাবে ভাল নহয়। ইনচুলিন হৰম’নৰ পৰিমাণ বৃদ্ধি হ’লে ইষ্ট্ৰজেন হৰম’নৰ নিঃসৰণো বৃদ্ধি পাব পাৰে। ফলত জৰায়ুৰ ভিতৰত কোষ বিভাজনৰ হাৰো বৃদ্ধি পায়। ভৱিষ্যতে, যাৰ ফলত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।
দ্বিতীয়তে, ইনচুলিন হৰম’নৰ উৎপাদন বা নিঃসৰণ বৃদ্ধি হ’লে ওজন বৃদ্ধি হ’ব পাৰে। ইয়াৰ ফলত ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনাও বৃদ্ধি পায়। ইয়াৰ বাহিৰেও শৰীৰত প্ৰদাহজনিত সমস্যা বৃদ্ধিৰ আঁৰত ডায়েবেটিছৰ মুখ্য ভূমিকা আছে।
ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ উপায় কি?
ছাৰ্ভাইকেল কেন্সাৰ প্ৰতিৰোধৰ বাবে প্ৰথম আৰু প্ৰধান অৱস্থা হ’ল তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰা। ইয়াৰ বাহিৰেও শৰীৰৰ অতিৰিক্ত ওজন বা মেদবহুলতাৰ বাবে বহুতো ৰোগ হ’ব পাৰে। খাদ্য আৰু নিয়মীয়া ব্যায়ামৰ জৰিয়তে ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰি।
ধূমপান কৰা মহিলাসকলেও এই বিষয়ে সাৱধান হোৱাটো প্ৰয়োজন। ডায়েবেটিছ হ’লে ধূমপায়ীসকলৰ ছাৰ্ভাইকেল কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি পায়।
যদি আপুনি কেন্সাৰ প্ৰতিৰোধ কৰিব বিচাৰে তেন্তে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। ২৫ বছৰ বয়সৰ পিছত তিনি বছৰৰ মূৰে মূৰে পেপ স্মিয়ৰ কৰাটো ভাল।