অহা ১২ জুলাইত মুকেশ আম্বানীৰ পুত্ৰৰ বিয়াত অংশগ্ৰহণ কৰিবলৈ মুম্বাইলৈ যাব মমতা বেনাৰ্জী। এই ভ্ৰমণৰ সময়ত তেওঁ এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰ আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে এই দুই জ্যেষ্ঠ নেতাক সাক্ষাৎ কৰিব পাৰে। এই দুয়োটা দল I.N.D.I.A মিত্ৰতাৰ অংশ। জানিব পৰা মতে, কেনেকৈ বিজেপিক অধিক হেঁচা প্ৰয়োগ কৰিব পাৰি সেই বিষয়টোও এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে । মন কৰিবলগীয়া যে এই ভ্ৰমণৰ সময়ত তেওঁ মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ কংগ্ৰেছ দলৰ কোনো নেতাক সাক্ষাৎ কৰা নকৰে। দুটা আঞ্চলিক দলৰ মুৰব্বীৰ সৈতেহে বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!