ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ INS ব্ৰহ্মপুত্ৰত অগ্নিকাণ্ড। সোমবাৰে সন্ধিয়া মুম্বাইত আই এন এছ ব্ৰহ্মপুত্ৰত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। এজন নৌসেনাৰ বিষয়া নিৰুদ্দেশ হোৱাৰ খবৰ পোৱাৰ লগতে নৌসেনাৰ তথ্য অনুসৰি ‘মাল্টিৰ’ল ফ্ৰিগেট’ আই এন এছ ব্ৰহ্মপুত্ৰৰ ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ কাম মুম্বাই ডক য়াৰ্ডত চলি আছিল। তেতিয়াই হঠাৎ জুই লাগে।

প্ৰাথমিক তথ্য অনুসৰি শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হৈছে। ঘটনাৰ পিছৰে পৰা নিৰুদ্দেশ হৈছে এজন কনিষ্ঠ বিষয়া। প্ৰসংগক্ৰমে, ২০২২ চনৰ ২১ জুলাইত ঠিক দুবছৰ পূৰ্বে ভাৰতীয় নৌসেনাৰ বিমানবাহী জাহাজ আই এন এছ বিক্ৰমাদিত্যত অগ্নিকাণ্ডত এজন নৌসেনাৰ বিষয়াৰ মৃত্যু হৈছিল। ইয়াৰ পূৰ্বে ২০১৯ চনৰ এপ্ৰিল মাহত কাৰৱাৰ বন্দৰত প্ৰৱেশ কৰাৰ সময়তে আই এন এছ বিক্ৰমাদিত্যৰ জুই লাগিছিল। এজন নৌসেনাৰ লেফটেনেণ্ট কমাণ্ডাৰৰ মৃত্যু হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!