কোন মানুহে সোনকালে মৰিব বিচাৰে? যদি আয়ুস অলপ বঢ়াই পায় তেন্তে কিমান সুখী হ’ব আপুনিও। শেহতীয়াকৈ বিজ্ঞানীসকলে এটা ঔষধ আৱিষ্কাৰ কৰিছে। এই ঔষধৰ সহায়ত পৰীক্ষাগাৰত থকা জীৱ-জন্তুৰ আয়ুস ২৫ শতাংশ বৃদ্ধি কৰিবলৈ সম্ভৱ হৈছে। বিজ্ঞানীসকলে এই দাবী কৰিছে।
সূত্ৰ মতে, এইবাৰ এই ঔষধ মানৱ শৰীৰত প্ৰৱেশ কৰোৱাৰ কথা চিন্তা কৰিছে।
বৰ্তমান এন্দুৰক প্ৰয়োগ কৰা হৈছে। অৱশ্যে এই ঔষধ মানৱ শৰীৰত ফলপ্ৰসূ হ’বনে নাই সেই লৈ ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে। বিজ্ঞানীসকলে গৱেষণা কৰিছে যে পৃথিৱীৰ ইতিহাসত বহুতো উদাহৰণ আছে য’ত বহু লোকে দীৰ্ঘদিন ধৰি বসবাস কৰি আহিছে। গতিকে ই অস্বাভাৱিক নহয় যে মানৱ শৰীৰতো প্ৰয়োগ কৰি সুফল যে পোৱা নাযাব।