ঘটনাৰ দিনটোত যেতিয়া সঞ্জয় ৰায়ে কলকাতাৰ আৰ জি কাৰ মেডিকেল কলেজ এণ্ড হস্পিতালত প্ৰৱেশ কৰিছিল তেতিয়া ডিঙিত ব্লুটুথ ইয়াৰফোন আছিল। এই গোচৰৰ তদন্তকাৰী চিবিআইয়ে চিচিটিভিৰ স্ক্ৰীণ গ্ৰেব প্ৰকাশ কৰিছে, য’ত সঞ্জয় ৰায়ক চিকিৎসালয়ত প্ৰৱেশ কৰা দেখা গৈছে। পশ্চিম বংগ আৰক্ষীয়ে জনোৱা মতে, অপৰাধস্থলীৰ পৰা এটা ব্লুটুথ ইয়াৰফোন পোৱা গৈছে। অনুমান কৰা হৈছে যে এই ব্লুটুথ ইয়াৰফোনটো অভিযুক্ত সঞ্জয় ৰয়ৰ, যি ঘটনা সংঘটিত কৰাৰ সময়ত তাত পৰিল।
চিকিৎসকক ধৰ্ষণ-হত্যাৰ অভিযোগত অভিযুক্ত সঞ্জয় ৰয়ক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। জানিব পৰা মতে, ঘটনাৰ নিশা চিচিটিভিৰ ফুটেজত দেখা গৈছিল যে সঞ্জয় ৰায়ে দিনৰ ১.০৩ বজাত চিকিৎসালয়ত প্ৰৱেশ কৰিছিল। জেৰাৰ সময়ত আৰক্ষীয়ে তেওঁক চিচিটিভিৰ প্ৰমাণ দেখুৱাইছিল, তাৰ পিছত সঞ্জয় ৰায়ে অপৰাধ স্বীকাৰ কৰিছিল।
বংগ আৰক্ষীয়ে জনোৱা মতে, যি নিশা কনিষ্ঠ চিকিৎসকৰ সৈতে ধৰ্ষণ-হত্যাৰ ঘটনা সংঘটিত হৈছিল, সেই নিশা সঞ্জয় ৰায়ে পুৱা ১.০৩ বজাত চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বে কলকাতাৰ দুখন বেশ্যালয় পৰিদৰ্শন কৰিছিল। সূত্ৰই জনোৱা মতে, যোৱা ৮ আগষ্টৰ নিশা তেওঁ ৰেড লাইট এলেকা সোণাগাচিলৈ গৈ সুৰাপান কৰি ইটোৰ পিছত সিটোকৈ দুটা বেশ্যালয়লৈ গৈছিল। ইয়াৰ পিছত তেওঁ মাজনিশাৰ পিছত চিকিৎসালয়লৈ যায়। এই সময়তে তাক চিচিটিভিত দেখা গৈছিল কনিষ্ঠ ডাক্তৰজন শুই থকা চেমিনাৰ হলত প্ৰৱেশ কৰা আৰু ওলাই অহা।
সঞ্জয় ৰায়ৰ মানসিক পৰীক্ষাৰ পিছত এতিয়া চিবিআইয়ে পলিগ্ৰাফী পৰীক্ষাৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিছে ঘটনাৰ নিশা কি হৈছিল? সঞ্জয় ৰায়ৰ এই বক্তব্যত কিমান সত্য আৰু কিমান মিছা আছে? ইতিমধ্যে ৮-৯ আগষ্টৰ নিশা চিকিৎসালয়খনত কৰ্তব্যৰত চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ লগতে আন চাৰিজন চিকিৎসকক জেৰা কৰি আছে আদালতে।