বিদ্যুতৰ স্মাৰ্ট মিটাৰ শীঘ্ৰে বাতিল, বিদ্যুত মাচুল হ্ৰাস আৰু নিয়মীয়া বিদ্যুত সেৱাৰ দাবীত কালি মৰিগাঁও জিলা কংগ্ৰেছ কমিটীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ক্ষীৰোদ ভৱনৰ পৰা মৰিগাঁও চহৰৰ মাজেৰে বাহিৰ কৰা এই সমদলত কংগ্ৰেছ কৰ্মী সকলে বিজেপি চৰকাৰ বিৰোধী বিভিন্ন ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে। পিছত প্ৰতিবাদী কংগ্ৰেছ কৰ্মী সকলে মৰিগাঁৱৰ জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই প্ৰতিবাদী কাৰ্যসূচী নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈ, অসম প্রদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ প্ৰফুল্ল দাস, ডাঃ জয়প্ৰকাশ দাস, তিৱা স্বায়ত্ব পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰমেশ চন্দ্ৰ বৰদলৈ, জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজা সহ বহুকেইজন জিলা পৰ্যায়ৰ নেতাই অংশগ্ৰহণ কৰে।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!