গৌৰৱজ্জ্বল দশম বৰ্ষপূৰ্তিত সমাজ আৰু পৃষ্ঠপোষকসকলৰ প্ৰতি কৃতজ্ঞতাস্বৰূপে এক বিশেষ ভোজন অফাৰ আগবঢ়াইছে ৰেডিচন ব্লু গুৱাহাটীয়ে। হোটেলখনৰ এই গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি উদযাপন উপলক্ষে ২০২৪ চনৰ ২ ছেপ্টেম্বৰৰ পৰা ৪ ছেপ্টেম্বৰলৈকে নিজৰ সুপৰিচিত ৰেষ্টুৰেণ্ট কেফে বি-ইউত অতিথিসকলৰ বাবে আগবঢ়োৱা হৈছে বিশেষ ভোজন অভিজ্ঞতাৰ সুযোগ।

উল্লেখ্য যে, এই নিৰ্দিষ্ট সময়ছোৱাত মাত্ৰ ১০১০ টকা + কৰৰ বিনিময়ত প্ৰতিগৰাকী ব্যক্তিয়ে উপভোগ কৰিব পাৰিব আড়ম্বৰপূৰ্ণ দুপৰীয়া অথবা ৰাতিৰ আহাৰ। আতিথ্য উদ্যোগত ৰেডিচন ব্লু গুৱাহাটীৰ দশকজোৰা সাফল্যৰ মূল চাবিকাঠি হিচাপে পৰিগণিত হৈ অহা অতিথি তথা পৃষ্ঠপোষকসকলৰ আন্তৰিক সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশৰ উদ্দেশ্যেই আগবঢ়োৱা হৈছে এই সীমিত সময়ভিত্তিক অফাৰ।

হোটেলখনৰ দশম বৰ্ষপূৰ্তি উদযাপনত আনন্দ ব্যক্ত কৰি ৰেডিচন ব্লু গুৱাহাটীৰ মহাপ্ৰবন্ধক অংকুৰ মেহৰোত্ৰাই কয়, “আমি এই উল্লেখযোগ্য মাইলৰ খুঁটিত উপনীত হৈ যথেষ্ট ৰোমাঞ্চিত অনুভৱ কৰিছোঁ আৰু এই বিশেষ সময়ছোৱা আমাৰ প্ৰিয়তম সমাজখনৰ সৈতে উদযাপন কৰিব বিচাৰিছোঁ। বিগত এটা দশকত ৰেডিচন ব্লু গুৱাহাটী উত্তৰ-পূবৰ বিলাসীতা, আৰাম আৰু ব্যতিক্ৰমী সেৱাৰ প্ৰতিমূৰ্তি হৈ পৰিছে। যিসকলৰ সহায় সহযোগিতাই আমাৰ এই যাত্ৰা সম্ভৱ কৰি তুলিছে, তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।’’

প্ৰণিধানযোগ্য যে, উত্তৰ-পূবৰ হৃদপিণ্ডস্বৰূপ গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ৰেডিচন ব্লুৱে বিশ্বমানৰ সুবিধা আৰু বিশিষ্ট সেৱা আগবঢ়াই অঞ্চলটোৰ আতিথ্য খণ্ডত শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে। মাৰ্জিতভাৱে ডিজাইন কৰা কোঠা, বৈচিত্ৰ্যময় সুস্বাদু খাদ্যৰ বিকল্প আৰু অত্যাধুনিক সুবিধাসমূহৰ সৈতে ব্যৱসায়ী তথা অৱসৰী ভ্ৰমণকাৰী উভয়ৰে বাবে হোটেলখন অন্যতম পছন্দ হিচাপে পৰিগণিত হৈ আহিছে।

ৰেডিচন ব্লু গুৱাহাটীৰ এই বিশেষ মুহূৰ্তৰ উদযাপন অনুষ্ঠানত নিজৰ আসন সংৰক্ষণ কৰিবলৈ অতিথিসকলে ৮৮১১০৯৯৩৯৭ নম্বৰত যোগাযোগ কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!