🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৪ ভাদ, শনিবাৰ, ইং ৩১ আগষ্ট ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৫/১৭
সূৰ্য্যাস্ত ঘ :- ৫/৪১/৫০
ৰাশি : – কৰ্কট ৰাশি।
তিথি :- কৃষ্ণা ত্ৰযোদশী । শে:ৰা:ঘ:- ৪/২/৪৬ যোৱাত কৃষ্ণা চতুৰ্দ্দশী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- পুষ্যা ,ৰা:ঘ:- ৯/১৬/৫১ লৈ।
শুভ সংখ্যা :- ১/৬
শুভ ৰং :- চিত্ৰ বিচিত্ৰ/ বগা ।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- এপদ। শে:ৰা:ঘ:- ৪/২/৪৬ যোৱাত দ্বিপদ।
যাত্ৰা :- দক্ষিণ দিশত নাই। শে:ৰা:ঘ:- ৪/২/৪৬ যোৱাত পশ্চিম দিশত নাই।
যোগিনী :- দক্ষিণ দিশত । শে:ৰা:ঘ:- ৪/২/৪৬ যোৱাত পশ্চিম দিশত।
ভক্ষাভক্ষ্য :- বেঙেনা খোৱা নিষেধ। শে:ৰা:ঘ:- ৪/২/৪৬ যোৱাত মাছ মাংস খোৱা নিষেধ।
১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত যান বাহনৰ পৰা সতৰ্ক হোৱাটো ভাল হ’ব, মনত সামান্য ভয় ভাৱ বাঢ়িব পাৰে, যদিও আজি আপুনি কৰ্মত পাবলগীয়া ধন ঘূৰাই পোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, যদিও আজি আপুনি সৰু সুৰা কথাতে আপোনাৰ মনত সামান্য অশান্তিৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি লগ বন্ধুৰ পৰা সজাগ নহ’লে প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, পুৰণি বন্ধুৰ সান্নিধ্য লাভ কৰিব যদিও আজি বিবাহিত ব্যক্তি সকলে সজাগ নহ’লে পাৰিবাৰিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি লাভ কৰিব, বিবাহিত ব্যক্তি সকলে সন্তানৰ পৰা আনন্দ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য দেহ মনত এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন নতুন সুযোগ সুবিধা লাভ কৰিব যদিও আজি আপোনাৰ মনত জেদ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, ছাত্ৰ ছাত্ৰী সকলৰ সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব, প্ৰেম আৰু কৰ্মত শুভ বুলি কব পাৰি লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি হ’ব, নিজৰ কৰ্মত দ্বাৰা আনৰ মন জয় কৰিবলৈ সক্ষম হব লগতে আজি আপুনি ৰাজনৈতিক সা-সুবিধা লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত ভক্তি ভাৱ বাঢ়িব লগতে আজি আপুনি কৰ্মত নিজৰ চিন্তা ধাৰাক প্ৰাধান্য দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব।
১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ’ব, আমোদ প্ৰমোদৰ মাজেৰে দিনটো পাৰ হ’ব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।
১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে উন্নতি সাধন হব, মনত নতুন আশাৰ সঞ্চাৰ হ’ব, উত্তম বস্ত্ৰ লাভ কৰিব, লগতে আজি আপোনাৰ সন্মান বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।
“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “
আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205