কামৰূপ জিলাৰ আমিনগাঁৱৰ মুৰ্গীপট্টিত কালি সংঘটিত হ’ল এক বিধ্বংসী অগ্নিকাণ্ড ।
অগ্নিকাণ্ড জাহ গ’ল দুটাকৈ পৰিয়ালৰ বাসগৃহ ।
জুইৰ লেনিহান শিখাই মূহুৰ্ততে ছানি ধৰিছিল সমগ্ৰ অঞ্চল ।
ৰতন সাহা নামৰ লোক গৰাকীৰ ভাড়াঘৰৰ চৌহদত সংঘটিত হৈছিল এই ঘটনা ।
অগ্নিকাণ্ডত নগদ ধন, সা-সম্পত্তি, নথি-পত্ৰ সকলো হেৰুৱাই কান্দোনত ভাগি পৰিছে সমৰ সূত্ৰধৰ আৰু স্বপন বিশ্বাসৰ পৰিয়াল দুটা ।
বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই জুই সূত্ৰপাত হোৱাৰ কাৰণ ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আমিনগাঁও আৰক্ষী উপস্থিত হৈ নিৰ্বাপিত কৰিছিল জুই

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!