🙏

🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
১৯ ভাদ, বৃহস্পতিবাৰ, ইং ৫ চেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৭/৩২
সূৰ্য্যাস্ত ঘ :- ৫/৩৬/২৯
ৰাশি : -কন্যা ৰাশি।
তিথি :- শুক্লা দ্বিতীয়া। প্ৰা:ঘ:- ১০/৮/৪ যোৱাত শুক্লা তৃতীয়া তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- উত্তৰফাল্গুনী। প্ৰা:ঘ:- ৫/১৬/২৮ লৈ।
শুভ সংখ্যা :- ৪/৩
শুভ ৰং :- হালধীয়া/ৰঙা।
আদ্যঋতু :- কান্তা যোগ।
মৰণৰ দোষ :- ত্ৰিপদ। প্ৰা:ঘ:- ৫/২৬/১৮ যোৱাত এপদ। ঘ:- ১০/৮/৪ যোৱাত নাই।
যাত্ৰা :- উত্তৰ দিশত নাই। প্ৰা:ঘ:- ১০/৮/৪ যোৱাত অগ্নি কোনত নাই।
যোগিনী :- উত্তৰ দিশত। প্ৰা:ঘ:- ১০/৮/৪ যোৱাত অগ্নি কোনত।
ভক্ষাভক্ষ্য :- তিতা খোৱা নিষেধ। প্ৰা:ঘ:- ১০/৮/৪ যোৱাত পটল খোৱা নিষেধ।

My YouTube Link:- https://youtube.com/@astrologernayanjyotisarma8497

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য অৱসাদ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে লগ বন্ধুৰ পৰা সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে সিদ্ধি লাভ কৰিব, নতুন ব্যৱসায় আৰম্ভণি কৰিবলৈ সুযোগ লাভ কৰিব, লগতে আজি আপোনাৰ প্ৰেমত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে, ভাল খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হব, লগতে আজি আপোনাৰ মনত সুখ শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম চেনেহ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য মনত চিন্তা বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ মনে দিনটো পাৰ হ’ব, সাহিত্যক সকলৰ সাহিত্য চৰ্চাত মনোনিবেশ বাঢ়িব, লগতে আজি আপোনাৰ ৰোগ আৰোগ্য হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, শিক্ষক সকলৰ নিজা নিজা কৰ্মত সুনাম বাঢ়িব, লগতে আজি আপোনাৰ আত্মীয় পৰিয়ালৰ লগত সামান্য বিশ্চেদ বা মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, সংগীত শিল্পী সকলৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপোনাৰ সন্মান হানি হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত আয় উপাৰ্জন বাঢ়িব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, লগতে আজি আপুনি ভাল বন্ধুৰ সান্নিধ্য লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত আনন্দ বাঢ়িব , কৰ্মত সন্মান বাঢ়িব লগতে আজি আপুনি পিতৃ মাতৃ বা জেষ্ঠ্য ব্যক্তিক সন্মান দিবলৈ চেষ্টা কৰাতো ভাল হ’ব।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ব্যৱসায় বানিজ্যত লাভাৱান্বিত হ’ব পাৰিব, আজি আপোনাৰ শত্ৰু নাশ হব, লগতে আজি আপোনাৰ নতুন নতুন কৰ্মৰ সন্ধান লাভ হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, লগতে আজি আপোনাৰ কৰ্মত ভাল পৰিবেশন লাভ হোৱাৰ যোগ দেখা যায়।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰ ” বাস্তুশাস্ত্ৰ ” নিউমাৰোলজি” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!