পুৰুধা ব্যক্তিক স্মৰণ ৷

অসমৰ প্ৰতিখন বিদ্যালয়তে ফটো সম্বলিত বেনাৰৰ শুভ উদ্ধোধন ৷

১৯৪৫ চনতে স্থাপন হোৱা সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাই মহাৰজত জয়ন্তী উদযাপনৰ বাবে আগবাঢ়িছে ৷ লক্ষীনাথ বেজবৰুৱা,পদ্মনাথ গোহাঞি বৰুৱা,কৃষ্ণকান্ত সন্দিকৈকে ধৰি অসমৰ বহুকেইগৰাকী পুৰুধা ব্যক্তিয়ে এই মজলীয়া বিদ্যালয়তে অধ্যয়ন কৰি অসমক ধন্য কৰিছিল ৷ আজি সেই মহান ব্যক্তি সকলক স্মৰণৰ কৰি অসমৰ প্ৰতিখন বিদ্যালয়ত একোখনকৈ ফটো সম্বলিত বেনাৰ আঁৰি দিয়া হয় ৷ ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ত এই বেনাৰসমূহ অঞ্চলটোৰ অৱসৰি বিশিষ্ট শিক্ষাবিদ,কৃতি শিক্ষকসকলৰ দ্বাৰা ৰঙা ফিটা কাটি শুভৰাম্ভ কৰা হয় ৷ এই উদ্দেশ্যৰে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকোলা মজলীয়া বিদ্যালয়তো আনুষ্ঠানিক ভাৱে এই বেনাৰৰ শুভ উদ্ধোধন কৰা হয় ৷ আজি পূৱা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিদ্যালয়ৰে অৱসৰি প্ৰধান শিক্ষক ৰুদ্ৰ কাকতীয়ে ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম মজলীয়া স্কুল শিক্ষক সন্থাৰ সভাপতি ৰনজিত বৰঠাকুৰে ৷

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!