জামুগুৰিহাটৰ ন-দুৱাৰ জাতীয় বিদ্যালয়ত সদৌ জামুগুৰি ছাত্ৰ সন্থাৰ উদ্যোগত তথা জামুগুৰি আঞ্চলিক উন্নতি সভা আৰু অসম সেনাৰ সহযোগত শিক্ষক দিৱসৰ লগত সংগতি ৰাখি গুৰুসেৱা আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অসম উন্নতি সভাৰ উপ সভাপতি বিপুল বৰাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানটিৰ আঁত ধৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথে। এই অনুষ্ঠানত প্ৰায় ২০ গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক আৰু সামাজিক সাংস্কৃতিক আৰু সাহিত্যৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট বৰণ্য ব্যক্তিক সদৌ জামুগুৰি ছাত্ৰ সন্থাই উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।আনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সহঃ সাধাৰণ সম্পাদক নিতুল বৰা , ন-দুৱাৰ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ নগেন বৰা আৰু সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৰূপ তালুকদাৰ আৰু সদৌ অসম ছাত্ৰসন্হাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক নয়নজ্যোতি গগৈ ৰ লগতে বড়ো ছাত্ৰ সন্হা ,গোৰ্খা ছাত্ৰ সন্হা ,চাহজনজাতি ছাত্ৰ সন্হা আৰু জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়াসকল।

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!