দেশী বিদেশী নাট্যদলৰ অংশগ্ৰহণৰে সামৰণি পৰিল ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ ২০২৪ৰ৷
নাট্যৰসিক দৰ্শক,শিক্ষাৰ্থী,সাংস্কৃতিক কৰ্মী তথা শিল্পী- কলাকুশলী আৰু নাট্যকৰ্মী আদিৰ উপস্থিতিত সাংস্কৃতিক সমন্বয়ৰ সাঁকো সুদৃঢ় কৰি অসমৰ গুৱাহাটীৰ শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় নাটমহোৎসৱত অংশ লৈছিল
পোলেণ্ড,শ্ৰীলংকা,আমেৰিকা,
ফ্ৰান্স,অষ্ট্ৰেলিয়া আৰু ভাৰতৰ নাট্যদলৰ শিল্পীয়ে৷ নাট কৰ্মশালা, নাট পৰিৱেশনৰে মুখৰিত হৈ আছিল শ্ৰীমন্তশঙ্কৰদেৱ কলাক্ষেত্ৰ৷যোৱা ৩ছেপ্তেম্বৰৰ পৰা ৭ছেপ্তেম্বৰলৈকে কলাক্ষেত্ৰত আয়োজন কৰা ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট-মহোৎসৱ ২০২৪ উপলক্ষে প্ৰতিদিনেই সন্ধিয়া নাট পৰিৱেশন,দিনৰ ভাগত ফিজিকেল থিয়েটাৰ ৱৰ্কশ্বপ,থিয়েটাৰ চিম্পজিয়াম,থিয়েটাৰ ফৰাম আদি অনুষ্ঠিত হৈ আছে৷ এই মহোৎসৱৰ লগত সংগতি ৰাখি ৬আৰু ৭ছেপ্তেম্বৰত অসমৰ দুখনকৈ মহাবিদ্যালয়ত অনুষ্ঠিত হৈছিল পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালা৷

অসমৰ এক সম্ভ্ৰান্ত
নাট্যদল আঁক -এ ক্ৰিয়েটিভ লাইনৰ উদ্যোগত তথা ড° মৃণাল জ্যোতি গোস্বামীৰ মুখ্য তত্ত্বাৱধানত দ্বিতীয়বাৰৰ বাবে অসমত এই নাট মহোৎসৱ অনুষ্ঠিত হৈছিল৷শ্ৰীলংকাৰ চিত্ৰ পৰিচালক,গ্ৰন্থ প্ৰকাশক ,নাট্যকৰ্মী তথা কলম্বো ইণ্টাৰনেচনেল থিয়েটাৰ ফেষ্টিভেল(Colombo International Theatre Festival) ৰ ফেষ্টিভেল ডাইৰেক্টৰ মহম্মদ ছাফিৰে এই নাট মহোৎসৱৰ মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিছিল৷৩ ছেপ্তেম্বৰত
প্ৰয়াত থানেশ্বৰ গোস্বামী সোঁৱৰণি নাট সন্ধিয়াত এই নাট মহোৎসৱৰ উদ্ধোধনী নাট আছিল পোলেণ্ডৰ নাটক ‘পেৰাডক্স'(Paradox)৷ নাটখনৰ
অভিনয়শিল্পী আছিল ক্ৰিষ্টফাৰ ৰগাচেৱিক্চ
(Krzysztof Rogacewicz)৷

৪ছেপ্তেম্বৰত নিউয়ৰ্ক আমেৰিকাৰ অভিনেত্ৰী মণিকাই পৰিৱেশন কৰে ‘মাউণ্ট ৰাশ্বমৰ.এ’ পাংক ৰক প্লে’ (Mt Rushmore.A Punk Rock Play)শীৰ্ষক নাটখন৷
এই আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত
৫ছেপ্তেম্বৰৰ সন্ধিয়া শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহৰ সন্মুখৰ বাকৰিত ভাৰতৰ শিল্পী অনুপম শইকীয়াই ”পাৰ্ফমেন্স আৰ্ট” (Performance Art)পৰিৱেশন কৰে৷ সেইদৰে প্ৰয়াত অনিল মজুমদাৰ সোঁৱৰণী নাট সন্ধিয়াত ৫ছেপ্তেম্বৰত শ্ৰী লংকাৰ দুখন নাটক ক্ৰমে ‘ইকুৱেল ফিলিংছ'(Equal Feelings) আৰু ‘চি ইজ নেকেড’ (She is Naked)আৰু ভাৰতৰ পথাৰ নাট্যদলৰ দ্বাৰা ‘কল্প কথা’ (Kalpa Kotha) শীৰ্ষক নাট কেইখন পৰিৱেশিত হয়৷ অসমৰ ডুলীয়াজানৰ পথাৰ নাট্যগোষ্ঠীৰ নাটক ‘কল্প কথা’ৰ ৰচনা স্বপ্না দত্ত ডেকাৰ আৰু পৰিচালনা আছিল পবিত্ৰ চেতিয়াৰ৷সেইদৰে ‘ইকুৱেল ফিলিংছ’ৰ পৰিচালনা আছিল নিৰ্মাণী ফাৰ্ণাণ্ডু (Nirmani Fernandoo)আৰু ভিদুৰা আবেদিৰা(Vidura Abeydeera)ৰ৷নাটখনত অভিনয় কৰে নিৰ্মাণী ফাৰ্ণাণ্ডুৱে৷
আনখন নাটক ‘চি ইজ নেকেড'(She is Naked)ৰ পৰিচালনা আৰু অভিনয় আছিল ফাডাৰ
পিটাৰ হেমপ্ৰিয়া বটেজিউ (Fr. Peter Hemapriya Botejue)ৰ৷
৬ ছেপ্তেম্বৰ শুকুৰবাৰে প্ৰয়াত মণ্টু বৰুৱা সোঁৱৰণি নাট সন্ধিয়াত এই নাট মহোৎসৱত পৰিৱেশন কৰা হয় শ্ৰীলঙ্কাৰ শমিঠা সুধিশ্বৱাৰা(Samitha Sudheeshwara)ৰ পৰিচালনা আৰু অভিনয়ৰ
এখন নাটক ‘দ্য ইন্ভিকচন'(The Inviction)৷ইয়াৰ লগতে অসমৰ ধেমাজিৰ লিভিং থিয়েটাৰৰ
নাট্যশিল্পীয়ে মলয়া বৰুৱাৰ ৰচনা,পৰিচালনাৰ ‘জোনাকী পদ্য(Junaki Padya) ‘নামৰ নাটখন আৰু আঁক_ এ ক্ৰিয়েটিভ লাইনৰ নিবেদন তথা ড° মৃণাল জ্যোতি গোস্বামীৰ পৰিচালনাৰ এ’ ৰিভাৰচ্ টে’ল
(A River’s Tale)
শীৰ্ষক নাটখন পৰিৱেশন কৰা হয়৷ উক্ত নাটখনত অভিনয় কৰে কংকনা দাসে৷অনুষ্ঠানৰ সামৰণিৰ দিনা ৭ছেপ্তেম্বৰত ভাৰত-শ্ৰীলংকা-ফ্ৰান্স-অষ্ট্ৰেলিয়াৰ সহযোগিতাত শ্ৰীলংকাৰ এম ছাফিৰৰ পৰিচালনাত ‘চুইংছ অৱ লাভ’ (Swings of Love) অৰ্থাত প্ৰেমৰ দোলনা
শীৰ্ষক নাটখন পৰিৱেশন কৰা হয়৷উক্ত নাটখনৰ মূল ৰচনা ফ্ৰান্সৰ মঞ্জুলা ৱেডিৱাৰডেনা(Manjula Wediwardena), ইংৰাজীলৈ অনুবাদ কৰিছে অষ্ট্ৰেলিয়াৰ দিলিনি এৰিয়াৱালা(Dilini Eriyawala) আৰু
অসমীয়া অনুবাদ ড° মৃণাল জ্যোতি গোস্বামীৰ৷নাটখনত অভিনয় কৰিছে জাহ্নৱী বৰাই৷
উল্লেখযোগ্য যে ৬ ছেপ্তেম্বৰত কামৰূপ জিলাৰ সোণাপুৰ মহাবিদ্যালয়ত আৰু ৭ছেপ্তেম্বৰত বকোৰ
জে এন মহাবিদ্যালয়ত আৰণ্যকৰ পৰিচালনাত ‘পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালা’ (Environmental Sensitisation Workshop) অনুষ্ঠিত হয়৷
৬ ছেপ্তেম্বৰত সোণাপুৰ মহাবিদ্যালয়ত আৰু ৭ছেপ্তেম্বৰত বকোৰ জে এন মহাবিদ্যালয়ত ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱৰ লগত সংগতি ৰাখি
সম্পন্ন হোৱা পৰিৱেশ সংবেদনশীলতা বিষয়ক কৰ্মশালৰ বিষয়বস্তু আছিল ‘এক্সপ্লৰিং দ্য ব্ৰহ্মপুত্ৰ ৰিভাৰ:কালচাৰেল,হিষ্টৰিকেল এণ্ড ইক’লজিকেল ইনচাইটছ’৷পুৱা দহ বজাৰ পৰা বিয়লি তিনিবজালৈ মহোৎসৱৰ নলেজ পাৰ্টনাৰ হিচাপে থকা আৰণ্যকৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই কৰ্মশালাত মুখ্য সমল ব্যক্তি হিচাপে পৰিৱেশ বিজ্ঞানী ড° পাৰ্থ জ্যোতি দাসে অংশগ্ৰহণ কৰে৷
পাঁচদিনীয়া এই আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ খনিত দেশ-বিদেশৰ নাট্যদলৰ অংশগ্ৰহণ ,প্ৰশিক্ষাৰ্থী সকলৰ প্ৰশিক্ষণ গ্ৰহণ আৰু শিল্পীসকলৰ নাট পৰিৱেশনৰ লগতে ৰুচিবান দৰ্শকৰ নাট উপভোগে মহোৎসৱখনি সাফল্যমণ্ডিত কৰি তুলিলে৷