🌞 শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নম:🌞
২৪ ভাদ, মঙ্গলবাৰ, ইং ১০ ছেপ্তেম্বৰ ২০২৪
সূৰ্য্যোদয় ঘ :- ৫/৯/৪৭
সূৰ্য্যাস্ত ঘ :- ৫/৩১/৮
ৰাশি : – বৃশ্চিক ৰাশি।
তিথি :- শুক্লা সপ্তমী তিথি । আ:ঘ:- ৬/০/৫৮ যোৱাত শুক্লা অষ্টমী তিথি আৰম্ভণি হ’ব।
নক্ষত্ৰ :- অনুৰাধা। আ:ঘ:- ৪/২২/৫৫ লৈ।
শুভ সংখ্যা :- ৯/৩
শুভ ৰং :- ৰঙা/ সোনালী।
আদ্যঋতু :- পতিহীনা যোগ।
মৰণৰ দোষ :- দ্বিপদ। স:ঘ:- ৬/০/৫৮ যোৱাতএপদ।
যাত্ৰা :- বাযু কোনত নাই। আ:ঘ:- ৬/০/৫৮ যোৱাত ঈশান কোনত নাই।
যোগিনী :- বাযু কোনত । আ:ঘ:- ৬/০/৫৮ যোৱাত ঈশান কোনত ।
ভক্ষাভক্ষ্য :- তাল খোৱা নিষেধ। আ:ঘ:- ৬/০/৫৮ যোৱাত নাৰিকল খোৱা নিষেধ।

প্ৰাকৃতিক উপায়েৰে গ্ৰহ ৰত্ন ধাৰণ নকৰাকৈ “গছৰ শিপা” ধাৰণ কৰি কেনেকৈ অশুভ গ্ৰহৰ প্ৰতিকাৰ কৰিব পাৰি ওপৰৰ লিংকটো ক্লিক কৰিলে জানিবলৈ পাৰিব।

১. মেষ ৰাশি (অ,ল) : – মেষ ৰাশিৰ জাতক- জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সকলো দিশতে শুভ বুলি কব পাৰি, যান বাহনৰ পৰা সতৰ্ক হোৱাটো ভাল হ’ব, লগতে আজি আপুনি সজাগ নহ’লে আৰ্থিক দিশটো সামান্য নাটনি হোৱাৰ যোগ দেখা যায়।

২. বৃষ ৰাশি (উ,ব) :- বৃষ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব, হাতলৈ ধন- ধান আহিব, কৰ্মত সন্মান বাঢ়িব, উপহাৰ লাভ কৰিব পাৰে লগতে আজি বিবাহিত ব্যক্তি সকলৰ পাৰিবাৰিক দিশত শুভ বুলি কব পাৰি।

৩. মিথুন ৰাশি(ক,ছ):- মিথুন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি সমস্যাৰ সমাধান হ’ব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য খৰচ বাঢ়িব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪. কৰ্কট ৰাশি(ড,হ) : – কৰ্কট ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ’ব পাৰিব, সাহসেৰে কৰ্মত আগুৱাই যাবলৈ সক্ষম হব, যদিও আজি আপোনাৰ মনৰ আশা ভংগ হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰাটো ভাল হ’ব।

৫. সিংহ ৰাশিৰ (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে সিদ্ধি লাভ কৰিব, মনত সুখ শান্তি বাঢ়িব, লগতে আজি আপোনাৰ ঘৰত বিবাহৰ আলোচনা হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত দেহ মনত সামান্য কষ্ট পাৱলগীয়া হোৱাৰ হ’ব পাৰে, সামান্য মিচা অপৱাদ পাৱলগীয়া হ’ব পাৰে যদিও আজি কিন্তু শিল্পী সকল সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত উৎসৱ পাৰ্বনত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনত কষ্ট পাৱলগীয়া হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সুখ- শান্তি বাঢ়িব , সমাজ কৰ্মী সকলৰ ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰাটো ভাল হ’ব।

৯. ধনু ৰাশি (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত জেষ্ঠ্য ব্যক্তিৰ পৰা মৰম- আশীৰ্বাদৰ লাভ কৰিব, কৰ্মত সন্মান বাঢ়িব, লগতে আজি আপোনাৰ সম্পত্তি লাভ হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব, কৰ্মত ভাল পৰিবেশন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১১. কুম্ভ ৰাশি(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত আয় উপাৰ্জন বাঢ়িব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত যশস্যা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. *মীন ৰাশি- ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত জয় লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক দিশত সফলতা লাভ কৰিব যদিও আজি আপুনি মনোমালিন্য হ’ব পৰা কৰ্মৰ পৰা আতৰি থাকিবলৈ চেষ্টা কৰিব নহ’লে আপোনাৰ ক্ষতি হব পৰে।

( বি:দ্ৰ:- আমাৰ জ্যোতিষালয়ৰ তৰফৰ পৰা ” বৈদিক জ্যোতিষশাস্ত্ৰবাস্তুশাস্ত্ৰনিউমাৰোলজি ” সম্পৰ্কীয় সকলো পৰামৰ্শ প্ৰদান কৰা হয়, লগতে কম্পিউটাৰ সহায়ত ” বিজ্ঞান সন্মত কোষ্ঠী ” আৰু পুৰণি ” পকোৱা কোষ্ঠী” প্ৰস্তুত কৰা হয়)।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। “

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

     -: *জ্যোতিষী* :-

জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

By admin

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!